নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ শর্মাৰ বিস্ফোৰণঃ তৃতীয় শক্তিৰ প্রৰোচনাতে গৰুখুঁটি কাণ্ড

প্রকৃত ভূমিহীনক দিম ৬ বিঘাকৈ মাটি

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ চৰকাৰী ভূমি বেদখলমুক্ত কৰাক লৈ সৃষ্টি হোৱা ধলপুৰৰ ৰক্তক্ষয়ী ঘটনাৰ আঁৰত জড়িত হৈ আছে তৃতীয় শক্তি৷ শুকুৰবাৰে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রীৰ মন্তব্য– ‘গৰুখুঁটিৰ এই উচ্ছেদিত স্থানত লুকাই আছে তৃতীয় শক্তি৷ এই স্থানত ১৯৮৩ চনতো মানুহক মৰা হৈছিল৷ কেইদিনমান পূর্বেও এই স্থানতে আন এজন লোকক মৰা হৈছে৷ কোনোবা তৃতীয় শক্তি নিশ্চিতভাৱে এই ঘটনাৰ আঁৰত আছে৷ উচ্ছেদপর্ব ইয়াৰ আগতেও চলিছে৷ মাত্র ৬০টা পৰিয়ালক উচ্ছেদ কৰিবলৈ বাকী আছিল৷ কালি ৬০ ঘৰ মানুহৰ বিপৰীতে ১০ হাজাৰ লোক ক’ৰ পৰা সমৱেত হ’ল? এই মানুহবোৰ কোনে আনিলে? অসমখনক এনেদৰে এৰি দিব নোৱাৰি৷ ধলপুৰৰ শিৱ মন্দিৰ বেদখল কৰিছে, কাইলৈ কামাখ্যা মন্দিৰ কৰিব আৰু বৰদোৱাও কৰিব৷ আমি একো কৰিব নোৱাৰিম নেকি?’

উল্লেখ্য যে বৃহস্পতিবাৰে গৰুখুঁটিৰ ধলপুৰত বেদখল উচ্ছেদক লৈ সৃষ্টি হোৱা ৰক্তক্ষয়ী ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল কেইবাজনো আৰক্ষী বিষয়া৷ সমগ্র ঘটনাক লৈ দল–সংগঠনে চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হোৱাৰ সময়তে শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি সাংবাদিকৰ আগত কয়– কালিৰ ঘটনাৰ ৩০ ছেকেণ্ডৰ যি ভিডিঅ’ ভাইৰেল হৈছিল, সেই ভিডি’ৰে সমগ্র ঘটনা বিচাৰ কৰিব নোৱাৰে৷ ভাইৰেল হোৱা ভিডি’ৰ আগৰ আৰু পাছৰ ঘটনাৱলীও পর্যালোচনাৰ প্রয়োজন৷ মন কৰিবলগীয়া যে কালি উচ্ছেদৰ সময়তে আৰক্ষীৰ গুলীত নিহত হোৱা এজন লোকৰ মৃতদেহৰ ওপৰত চলিছিল বর্বৰতা৷ উ

ক্ত ঘটনাৰ প্রসংগ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– ভাইৰেল হোৱা ভিডিঅ’ৰ এটা অংশ চাই বিচাৰ কৰিব নালাগে৷ সেয়া হ’ব নালাগিছিল, ইয়াক আমি কেতিয়াও গ্রহণ কৰিব নোৱাৰোঁ৷ ইয়াৰ বিপৰীতে বাকী ঘটনাৰ পৰা ক’ব পাৰি– এনেকৈ অসমীয়া জাতি সত্তা জীয়াই থাকিব নোৱাৰে৷ কাইলৈ শিৱ মন্দিৰ দখল কৰিব, তাৰ পাছত বৰদোৱা দখল কৰিব, আমি চাই থাকিব লাগিব৷ সেয়া হ’ব নোৱাৰে৷ নহ’লে জাতি সত্তা নাই বুলি আমি ছাৰেণ্ডাৰ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয়– গৰুখুঁটিৰ উচ্ছেদৰ পূর্বেই সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ সৈতে এক আলোচনা হৈছিল৷ সেই আলোচনা মতে ভূমি নীতি অনুসৰি ভূমিহীন পৰিয়ালক ৬ বিঘাকৈ মাটি প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী হিচাপে মই এই বিষয়টোত নিশ্চিতি প্রদান কৰি দৰং জিলা উপায়ুক্তৰ সৈতে তেওঁলোকৰ আলোচনা অনুষ্ঠিত কৰোৱা হ’ল৷ আনকি আন স্থানত ভূমি দিয়াৰ বাবে নতুন মাটিও দেখুওৱা হ’ল৷ সেয়াই নহয়, বিৰোধী কংগ্রেছ দলৰ বিধায়কসকল মোৰ ওচৰলৈ আহোঁতে মই তেওঁলোককো স্পষ্ট কৰি দিছিলোঁ যে ভূমি নথকা লোকসকলক ৬ বিঘাকৈ মাটি প্রদান কৰা হ’ব৷ কিন্তু বৰপেটা, বাঘবৰ, সৰুক্ষেত্রীৰ পৰা অহা লোকক আমি মাটি দিব নোৱাৰোঁ৷ এই আলোচনাত সংখ্যালঘু ছাত্র সন্থাই আমাৰ প্রস্তাৱ মানি ল’লে আৰু সেই অনুসৰিয়েই উচ্ছেদ আৰম্ভ হ’ল৷ কিন্তু উচ্ছেদ প্রতিৰোধৰ বাবে ১০ হাজাৰ লোকে লাঠী–জোং লৈ পুলিচক আক্রমণ কৰিব নালাগিছিল৷ যিজন ফটোগ্রাফাৰে কালি বর্বৰতা দেখুৱালে, সেয়া গর্হিত৷ কিন্তু ৩০ ছেকেণ্ডৰ উক্ত ঘটনাৰ বিপৰীতে যোৱা চাৰি মাহ ধৰি যি উচ্ছেদ চলি আছিল, সেই কথাও পর্যালোচনাৰ প্রয়োজন৷ উক্ত ঘটনাৰ আগৰ আৰু পাছৰ সকলো দিশ পৰীক্ষা কৰিব লাগিব৷

ইফালে ধলপুৰৰ ঘটনাক লৈ   চৰকাৰ তথা জিলা প্রশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰা কংগ্রেছকো তীব্র সমালোচনা কৰে মুখ্যমন্ত্রীয়ে৷ তেওঁ কয়– কংগ্রেছে বিষয়টোক লৈ ধাৰণা কৰিছে যে এটা সমষ্টিৰ পৰা মানুহ আন এটা সমষ্টিলৈ লৈ যাম৷ বৰচলা সমষ্টিত এতিয়া ধিং আৰু ৰূপহীহাটৰ মানুহ আনি সংস্থাপিত কৰিছে৷ এনেদৰে কেনেকৈ চলিব? অসমীয়া জাতিটো কেনেদৰে জীয়াই থাকিব? ছিপাঝাৰ সমষ্টিতো আনি মানুহ ভৰাই দিলে৷ এয়া কেনেকৈ হ’ব? আমি ছাৰেণ্ডাৰ কৰিব লাগিব যে আমাৰ জাতি সত্তা নাই৷ নহ’লে যুঁজ দিব লাগিব৷

তৃতীয় শক্তি জড়িত থকাৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে উদ্বেগেৰে কয় যে উচ্ছেদিত স্থানত সঘনে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ লোক গৈ বৈঠক কৰিছে আৰু লোকসকলক উচটাইছে৷ এইসকল লোকক লৈ সভা অনুষ্ঠিত হৈছিল৷ তাৰ পৰা বুজা যায় যে এই ঘটনা পৰিকল্পিত৷ ধলপুৰৰ বেদখল কৰি থকা লোকসকলে নিজেই কৈছিল– আমি উক্ত স্থান এৰি দিম৷ কিন্তু উচ্ছেদিত হ’ব লগা হোৱা ৬০ ঘৰ মানুহৰ বিপৰীতে কোনে ১০ হাজাৰ লোক লৈ আহিল? সেয়াহে বিচার্যৰ বিষয়৷ যাৰ বাবে ন্যায়িক তদন্তৰ ঘোষণা কৰা হৈছে৷ এই তদন্ত হ’লেই স্পষ্ট হ’ব সকলো৷ কংগ্রেছৰ মানুহৰ শৰীৰত যি আছে, সেয়া বিজেপিৰ শৰীৰত নাই৷ আমাৰ মানুহে এক বিঘা মাটি কিনিব নোৱাৰে, বেদখলকাৰী একোজনৰ ২০০ বিঘা মাটি আছে৷ সেয়া কেনেকৈ সম্ভৱ? ২০০ বিঘা মাটি থকা বেদখলকাৰীক কিয় মাটি দিয়া হ’ব? উচ্ছেদ বন্ধ নহয়, চলি থাকিব৷ ইফালে ধলপুৰ কাণ্ডত তৃতীয় শক্তি জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে৷

You might also like