নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বৰষুণতে বুৰিল ধুবুৰীৰ ব্যস্ততম ৰাজপথ এন এছ ৰোড

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ আজি দিনত অহা এজাক ধাৰাষাৰ বৰষুণত বুৰ গ’ল ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা ব্যস্ততম ৰাজপথৰ এছোৱা৷ অৱশ্যে পিছত লাহে লাহে নলাৰে পানী ওলাই যোৱাৰ পিছত কৃত্ৰিম বানপানী সদৃশ সেই অৱস্থাৰ ওৰ পৰে অঞ্চলটোত৷ পিছে দীৰ্ঘদিনৰ পৰাই এইদৰে এজাক বৰষুণতে চহৰখনৰ মূল বজাৰৰ এন. এছ. ৰোডৰ এছোৱা পানীত বুৰ যোৱাটো এক স্বাভাৱিক নিয়মত পৰিণত হৈছে। অৱশ্যে শেহতীয়াকৈ ধুবুৰী পৌৰসভাই ৰাজপথটোৰ এছোৱা নতুনকৈ নিৰ্মাণ কৰাৰ সমান্তৰালকৈ পথটোৰ দুয়োকাষে থকা পূৰণি নলা ভাঙি নতুনকৈ নিৰ্মাণ কৰিছিল গভীৰ নৰ্দমা। পৌৰসভাৰ নৱনিৰ্মিত এই নলাই কৃত্ৰিম বানপানী ৰোধ কৰিব বুলি ৰাজপথটোৰ দুকাষে থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীকে ধৰি অঞ্চলটোৰ ৰাইজে আশা কৰিছিল। কিন্তু তেওঁলাকৰ আশাত চেঁচা পানী ঢালি এতিয়াও এজাক বৰষুণতেই পূৰ্বৰ দৰেই পথটোৰ এছোৱাত সৃষ্টি হৈ আছে কৃত্ৰিম বানপানীৰ। ফলত স্বাভাৱিক ভাৱেই পৌৰসভাৰ নবনির্মিত সেই নলা কাৰিকৰীভাৱে আসোঁৱাহপূৰ্ণ নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ সমান্তৰালকৈ, এয়া পৌৰসভাটোৰ কাৰিকৰী বিভাগৰ চৰম ব্যৰ্থতা বুলিও ভূক্তভোগী ৰাইজৰ বহুতেই ক্ষোভ প্ৰকাশ কৰা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like