নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত এশ শতাংশ উত্তীৰ্ণৰে উজলিল ধুবুৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৩ মেঃ এইবেলিৰ মেট্ৰিকত এশ শতাংশ উত্তীৰ্ণতাৰে উজলি উঠিল ধুবুৰীৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়। উল্লেখ্য যে দাৰিদ্ৰতা আৰু নিজৰ নিজৰ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে ষষ্ঠ শ্ৰেণীৰ পূৰ্বেই বিদ্যালয় এৰিবলৈ বাধ্য হোৱা ছাত্ৰীক নতুনকৈ শিক্ষাদানৰ সুবিধা প্ৰদান কৰে এইখন বিদ্যালয়ে। সমাজৰ হতদৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰীক আলোকময় যাত্ৰাৰ পথ দেখুওৱা ধুবুৰী চহৰৰ সমীপৰ ধৰ্মশালাাস্থিত গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খনৰ পৰা এইবেলি মেট্ৰিক পৰীক্ষা দিয়া ১৮গৰাকী ছাত্ৰীৰ ১৪গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে অইন ৪গৰাকী পৰীক্ষাৰ্থী লাভ কৰিছে দ্বিতীয় বিভাগ। ইয়াতে উল্লেখনীয় যে, প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সেই ১৮গৰাকী ছাত্ৰীৰ সাহানাৰা খাতুন আৰু ছাবিনা ইয়াসমিন লাভ কৰিছে ষ্টাৰ মাৰ্কচো। এইদৰেই দাৰিদ্ৰতাই যে মেধাৰ হেঙাৰ হ’ব নোৱাৰে তাকেই এইবেলিৰ মেট্ৰিকত প্ৰতীয়মান কৰি দেখুৱালে এইখন বিদ্যালয়ৰ সেই ১৮গৰাকী ছাত্ৰীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like