নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰুবিনাৰ পঢ়াৰ খৰচ উলিয়াবলৈ মাটি বিকিবলৈ সাজু ৰাজমিস্ত্ৰী পিতৃ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ উৰুখা পঁজা উজলাই এইবেলিৰ মেট্ৰিকত উজলি উঠিল ধুবুৰীৰ এগৰাকী ৰাজমিস্ত্ৰীৰ কন্যাই। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰা প্ৰথম খণ্ডৰ বাসিন্দা তথা পেছাত এগৰাকী দিন হাজিৰা কৰা ৰাজমিস্ত্ৰী ৰবিয়াল হ’কৰ কন্যা ৰুবিনা ইয়াচমিনে মেট্ৰিকত লাভ কৰিলে ৫টাকৈ বিষয়ত লেটাৰ মাৰ্কচ। ধুবুৰীৰ কলেজ ৰোডৰ আৰাধনা একাডেমীৰ এইগৰাকী মেধাৱী ছাত্ৰীয়ে পাইছে মুঠ ৫২৮ নম্বৰ। পিছে ৰুবিনাৰ আছে বিশেষ সপোন, সু-চিকিৎসক হোৱাৰ। পিছে কন্যাৰ লক্ষ্য পূৰণত নিজৰ আৰ্থিক দৈন্যতাই হেঙাৰ হ’ব নেকি সেয়ালৈ কঁপালত ভাঁজ পিতৃৰ; নাই হাতত কন্যাৰ নামভৰ্তিৰ পৰ্যাপ্ত ধন। তেখেতৰ আশা, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আগুৱাই আহিব নিজৰ মেধাৱী কন্যাক সহায় কৰিবলৈ। অৱশ্যে নিজৰ কন্যাৰ লক্ষ্য পূৰণ কৰাৰ বাবে নিজৰ সামান্য মাটিডোখৰ বিকিবলৈ প্ৰস্তুত পিতৃয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like