নিয়মীয়া বাৰ্তা, ২ মেঃ আজি ধুবুৰী জিলাৰ গোলকগঞ্জ Dhuburi News ৰ বীৰ চিলাৰায় মেলা খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
হেলিকাপ্তাৰেৰে উক্ত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয়- কংগ্ৰেছক ভোট দিলে কি পাইছে? সূতা, কম্বলৰ বাদে একো নাপাব ৰাইজে। অসমত ৯ বছৰ বাদ দি বাকী শাসন কংগ্ৰেছে কৰিছিল। তেতিয়া আৰু এতিয়াৰ অসমৰ মাজত বহু পাৰ্থক্য আছে ।
কংগ্ৰেছৰ দিনত চৌদিশে কেবল অশান্তি বিয়পিছিল। Dhuburi News কোকৰাঝাৰ, ওডালগুৰিত কংগ্ৰেছৰ দিনত সংঘটিত হৈছিল সংঘৰ্ষ। বিজেপি চৰকাৰ অহাৰ পিছত বোমা বিস্ফোৰণ, গুলিবৰ্ষণ নাই এতিয়াৰ অসমত। দিন ৰাতি সকলোৱে মুক্তমনে ঘুৰা ফুৰাৰ সুবিধা পাইছে।
কংগ্ৰেছৰ দিনত আঠুৱা, কম্বল লওঁতেও টকা দিব লাগিছিল কংগ্ৰেছৰ দালালক।আশা কৰ্মীৰ চাকৰিৰ বাবেও টকা দিব লাগিছিল।বিভিন্ন আচঁনিৰ কথা দোহাইমূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।
লগতে তেওঁ কয়, লুঙী ধূতী ,কম্বল আঠুৱা , প্ৰতি আমাৰ মৰম নাই। ধূতি কম্বল বিচৰা সকলে কংগ্ৰেছক ভোট দিব। আমি লুঙী দিব নোৱাৰো ,কম্বল দিব নোৱাৰো ,অৰুণোদয়ৰ টকাৰে লুঙী কমবল কিনি লব।
কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ বনাইছে,ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নালাগে,কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব ,আমি এইবাৰ ইনকাম চাৰ্টিফিকেট উঠাই দিম।Dhuburi News
১ অক্টোবৰৰ পৰা গেছৰ দাম ৬০০বা ৬৫০ টকা কৰি দিম। উজ্বলা গেছৰ দাম ২৫০ টকাকৈ কমি যাব, ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত দাইল, চেনি, নিমখ বজাৰতকৈ ২০ টকা কমকৈ পাব। অহা এপ্ৰিল মাহত মহিলা সকলক ১০হেজাৰ টকাকৈ দিয়া হ’ব আৰু যদিহে ভাল কামত খটুৱাই অহাবছৰ ২৫ হাজাৰ।
আজিও কংগ্ৰেছ দলক হাতৰ বিপৰীতে লুঙীৰ ছবিত ভোট সুধিব লাগে বুলি কটাক্ষ কৰে।এতিয়া দহ হাজাৰৰ টকা কাক কাক লাগিব ,দহ হাজাৰ টকা জুন মাহত পাই যাব । অহাবাৰ চৰকাৰ আহিলে মই আপোনালোকক মোৱাইল দিম।
সাত হাজাৰ আঠ হাজাৰ টকাৰ বাবে অসমৰ বাহিৰক কোনেও যাব নালাগে, এক লাখ, পঞ্চাছ হাজাৰ টকাৰ বাবে বাহিৰলৈ যাওক। লুঙী আৰু অৰুনোদয়ৰ মাজত কোনো তুলনা নহয়। গোলকগঞ্জত আৰু অতিৰিক্ত চাৰিহেজাৰ অৰুনদয়ৰ ফৰ্ম দিয়া হব বুলিও তেওঁ কয়।
আনহাতে, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমন সন্দৰ্ভত ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী মোডীক সমৰ্থনৰ আগবঢ়োৱাৰ আহ্বানৰ লগতে অসমৰ নিমখ খাই পাকিস্তান গুনগান কৰা সকলকো ইতিমধ্যে কেইবাগৰাকীক আটক কৰা হৈছে আৰু বাকী সকলৰ ওপৰতো আৰক্ষীক নজৰ ৰাখি তদন্ত ক্ৰমে আইনৰ মাধ্যমেৰে কঠোৰ শাস্তি বিহা হব বুলি উনিকিয়াই দিয়।
শেষত Dhuburi News জিলা পৰিষদৰ পাৰ্থীসকলক চিনাকি কৰি দি সকলোকে ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনায় আৰু সদস্য সকলো বিজেপিৰ আদৰ্শ থকাসকলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়| উল্লেখ্য যে গোলকগঞ্জৰ উক্ত পঞ্চায়ত নিৰ্বাচনী সভাত জনসমদ্ৰত পৰিনিত হোৱাটো চৰ্চিত বিষয় হৈ পৰিছে।
প্ৰেৰক প্ৰদীপ কৰ্মকাৰ