নিয়মীয়া বাৰ্তা, ২৩ জুনঃ ৰক্ষণাবেক্ষণৰ অভাৱত প্ৰাক্–স্বাধীনোত্তৰ যুগৰ ইতিহাসৰ সাক্ষী বহন কৰা ধুবুৰীৰ ৰাণী ভিক্টোৰিয়াৰ মূৰ্তিটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ধুবুৰী চহৰৰ মাজমজিয়াৰ তেতুলতলা অঞ্চলৰ এটি সৰু উদ্যানত আছে ৰাণী ভিক্টেৰিয়াৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি এটা। স্থানীয় ৰাইজৰ মাজত ‘ভিক্টোৰিয়া পাৰ্ক’ বুলি পৰিচিত সেই উদ্যানত আছে দুৰ্ম্যুল্য শ্বেত পাথৰেৰে নিৰ্মিত ৫ ফুট ৪ ইঞ্চিৰ সেই মূৰ্তিটো। স্থানীয় ইতিহাসবিদৰ মতে, সুদূৰ ইংলেণ্ডৰ পৰা ব্ৰিটিছে ১৯০৫ চনতে ভাৰতলৈ আনিছিল শ্বেত পাথৰেৰে নিৰ্মিত দুটাকৈ ৰাণী ভিক্টোৰিয়াৰ মূৰ্তি। ইয়াৰে এটা মহাৰাষ্ট্ৰৰ পুনেত স্থাপন কৰাৰ বিপৰীতে অইনটো মূৰ্তি অনা হৈছিল ধুবুৰীত। উল্লেখ্য যে, স্বাধীনতাৰ বহু পূৰ্বে তথা বৰ্তমানে ধুবুৰীৰ তেতুলতলা বুলি পৰিচিত অঞ্চলটোত এসময়ত আছিল ব্ৰহ্মপুত্ৰৰ এটা গুৰুত্বপূৰ্ণ পাৰঘাট। সেই সময় যাত্ৰীকে ধৰি মালবাহী সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰছিল সেই পাৰঘাটটো। সেই গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰৰ পাৰঘাটটোত ধুবুৰীকে ধৰি সমগ্ৰ অঞ্চলটোত নিজৰ আধিপত্যৰ বিষয়টো প্ৰত্যায়িত কৰিবলৈ ব্ৰিটিছে স্থাপন কৰিছিল ৰাণী ভিক্টোৰিয়াৰ সেই মূৰ্তিটো। অৱশ্যে ১৯৫০ চনত অহা বৰ ভূইকঁপৰ বাবে বৰ্তমানে তেতুলতলা বুলি পৰিচিত অঞ্চলটোৰে বৈ থকা বৰলুইতৰ তলৰ মাটি উঠি অআহে আৰু ফলত অঞ্চলটোৰ পৰা কিছু আঁতৰি গৈ তেতুলতলাৰ সমীপৰ তথা বৰ্তমানে যোগমায়া ঘাট বুলি পৰিচিত পাৰঘাটটোৰ কাষেৰে বৈ আছে নৈখন। কালৰ গতিত প্ৰাক্–স্বাধীনোত্তৰ যুগৰ ধুবুৰীৰ তেতুলতলা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ সেই পাৰঘাটটোৰ বৰ্তমানে কোনো ধৰণৰ চিন–চাব নাই যদিও দীৰ্ঘ এক ইতিহাসৰ সাক্ষী বহন কৰি এতিয়াও থিয় হৈ আছে ভিক্টোৰিয়াৰ সেই মূৰ্তিটো। অৱশ্যে সময় বাগৰাৰ লগে লগে তথা উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত শ্বেত মাৰ্বল পাথৰৰ উজ্জ্বলতা ক্ৰমশঃ নোহোৱা হৈ বৰ্তমানে জৰাজীৰ্ণ অৱস্থা সেই মূৰ্তিটোৰ। ফলত স্বাভাৱিক ভাৱেই ধুবুৰীৰ ইতিহাসৰ সৈতে জড়িত হৈ থকা ৰাণী ভিক্টোৰিয়াৰ সেই প্ৰতিমূৰ্তিটোৰ যথাযথ ৰক্ষণাব্ক্ষণৰ তৎকালে পদক্ষেপ লোৱাটো অন্তঃকৰণে কামনা কৰিছে ইতিহাসপ্ৰেমী বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী