নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ বন্যাৰ্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণৰ লগতে দুশ-দুৰ্দশাৰ বুজ ললে অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমী বৰুৱাই

নিয়মীয়া বাৰ্তা, ২৩ জুন : সংকটৰ কালত সমষ্টিবাসীৰ কাষত থিয় হৈ আহিছে জনপ্ৰিয় অভিনেত্ৰী তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিণী আইমী বৰুৱা। শেহতীয়াকৈ বানে প্লাৱিত কৰা জাগীৰোড সমষ্টিৰ নেলী, বৰখাল,পলাহগুৰি,  ধৰমতুল অঞ্চলৰ বানাক্ৰান্তৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনপ্ৰিয় অভিনেত্ৰীগৰাকী বানাক্ৰান্তৰ কাষত উপস্থিত হয়। অভিনেত্ৰীগৰাকীয়ে বানবিধ্বস্ত  অঞ্চলসমূহৰ  বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে মত- বিনিময় কৰে । তদুপৰি শিবিৰত থকা দেৱশিশুক কোলাত লৈ নিচুকুৱাৰ লগতে আইতাসকলৰো খবৰ লয়। অভিনেত্ৰী আইমী বৰুৱাই নিজাববীয়াকৈ বন্যাৰ্তসকলক অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে। উল্লেখ্য যে এই অঞ্চল কেইটাৰ বহুলোক বানৰ পৰা ৰক্ষা পাৱলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈ আছে। মন্ত্ৰী পীয়ূষ হাজৰিকাই ব্যক্তিগতভাৱে এই লোক সকলক সাহায্য প্ৰদান কৰি আহিছে।  আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মোহময়ী অভিনেত্ৰীগৰাকীয়ে কয় যে সমষ্টিবাসীৰ ৰাইজৰ লগত সদায়ে আছো। এনে বিপদৰ সময়ত যিমানেই সাহায্য দিলেও পৰ্য্যাপ্ত নহয়। সেয়েহে যিসকল লোকে পাৰে এই বৰ্নাত্য লোক সকলক সাহায্য প্ৰদান কৰক। অভিনেত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী গৰাকীৰ ব্যক্তিগত সচিব অপুৰ্ব ডেকাৰ লগতে দলীয় নেতা কৰ্মী সকল উপস্থিত থাকি বানাক্ৰান্ত সকলক সকাহ দিয়াৰ চেষ্টা কৰে। আইমী বৰুৱাই জানিবলৈ দিয়া মতে বিগত সাতটা দিনত তেওঁলোকৰ তৰফৰ পৰা ৮৭০০ পৰিয়ালক পাৰ্যমানে সহায়ৰ চেষ্টা কৰা হৈছে। চাউল,দালি,চেনী,চিৰা,খোৱাপানী আদি যোগান ধৰা অভিনেত্ৰী গৰাকীয়ে সামৰ্থ্যবান লোক সকলকো বানাক্ৰান্তক সহায়ৰ বাবে আহ্বান জনাইছে। উল্লেখ্য যে জাগীৰোড সমষ্টিত বানে প্লাৱিত কৰা অঞ্চলসমূহত মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত ধনেৰে প্ৰথম দিনাৰ পৰাই মন্ত্ৰীৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাৰ তদাৰকত বিভিন্ন বানসাহায্য প্ৰদান কৰি আহিছে ।

প্ৰেৰক হৰিপ্ৰসাদ মল্লিক

You might also like