নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ কালি সন্ধিয়া ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত স্বৰাজ উদযাপন সমিতি উদ্যোগত আয়োজিত ‘স্বৰাজ মন্থন’ শীৰ্ষক এক বৌদ্ধিক কাৰ্য্যক্ৰমত মুখ্য বক্তাৰূপে উপস্থিত থাকে ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত সংগঠন মন্ত্ৰী কৃষ্ণকান্ত বৰা। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা সেই বিশেষ বৌদ্ধিক কাৰ্য্যক্ৰমত স্বাধীনতাৰ পৰা স্বতন্ত্ৰতাৰ যাত্ৰাৰ বিষয়টোৰ ওপৰত কৃষ্ণকান্ত বৰাই ৰখা এক মনোগ্ৰাহী ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ দ্বীপেন অধিকাৰীৰ সভাপতিত্বত হোৱা সভাখনত ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগী, ৭৫সংখ্যক স্বৰাজ উদযাপন সমিতিৰ সভাপতি কল্যাণ পুৰকায়স্থ, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তী প্ৰমুখ্যে স্থানীয় ব্যক্তি আৰু ৰাইজ উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী