বিশেষ বাৰ্তা, ২৬ জুনঃ ডিব্ৰুগড়ত কালি মাজ নিশা সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। পথত থকা বিদ্যুতৰ খুঁটাৰ বাবেই সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা।ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো।যদিও কোনো লোকৰে প্ৰাণ হানি হোৱা নাই বুলি জানিব পৰা গৈছে।পথত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বাহন সোমালগৈ আৱাস গৃহৰ চৌহদত।বাহনখনে পথছোৱাত থকা ৩টাকৈ বিদ্যুতৰ হাই ভল্টেজ তাঁৰ সংযোজিত খুঁটা মহতীয়াই নি বাহনখন উলটি পদপথ পাৰ হৈ সোমালগৈ গৃহস্থৰ চৌহদত।ভস্কৱাগনৰ এ এচ- ০১- এফজি- ২২৩৪ নম্বৰৰ বাহনখন ডিব্ৰুগড়ৰ চৌকিদিঙ্গীৰ পৰা আমোলাপট্টি চাৰিআলিৰ দিশে আহি থকা অৱস্থাত চিৰিংচাপৰিৰ থানা গলিৰ সমিপত নিশা প্ৰায় ১২:৩০ এনদৰে দুৰ্ঘটনাত পতিত হয়। আৰক্ষীৰ সূত্র মতে বাহনখনত ডিব্ৰুগড়ৰ এইছ এছ ৰোডৰ সমিপৰ যুৱক আদিত্য কেডিয়া আৰু এজন চেতিয়া উপাধিৰ যুৱক আছিল যদিও দুয়ো কোনো ধৰণৰ হতাহত হোৱা নাই। ইফালে বাহনখন গৃহস্থৰ পদূলি পৰ্যন্ত নিয়ন্ত্রণ হেৰুৱাই বাগৰি সোমাই যায় যদিও গৃহটোৰ লোকো কথমপিহে ৰক্ষা পৰে।উল্লেখ্য যে বিদ্যুৎ খুঁটাৰ আৰু বাহনৰ মাজৰ সংঘর্ষ ইমানেই তীব্র আছিল যে পকী আৰু লোৰ খুঁটা সমূহ মাজত ভাঙি কেইবাডোখৰ হয়।এই ঘটনাৰ পাছতে বৃহত্তৰ অঞ্চলটোত বিচ্ছিন্ন হৈ পৰে বিদ্যুতৰ যোগান। উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ বহু ব্যস্ত পথৰ এক তৃতীয়াংশ পৰ্যন্তত বিদ্যুত বিভাগৰ এনে খুঁটা বিপদসংকুল ভাৱে দেখা যায় যদিও ডিব্ৰুগড় জিলা প্ৰশাসন, পৌৰসভা, বিধায়কক বহু বাৰ অৱগত কৰিও বিশেষ সহাঁৰি নোপোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। তেনে এক বৈদ্যুতিক খুঁটাৰ বিপদজনক অৱস্থাক লৈ ডিব্ৰুগড়ৰ টাইমচ অৱ ইণ্ডিয়াৰ সাংবাদিক ৰাজীৱ দত্তই মাত্র দুটা দিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, নিতিন গাদকাৰি ড° হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি এটা টুইট কৰিছিল আৰু তাৰ কিছু ঘন্টাৰ পাছতে সেই খুঁটাতো উঘালি আঁতৰাই দিয়া হৈছিল।কিন্তু আজিও ডিব্ৰুগড়ৰ বহল কৰা বহু ব্যস্ত পথৰ তৃতীয়াংশ পৰ্যন্ত এইদৰে বিদ্যুতৰ বহু খুঁটাৰ স্থিতিয়ে পুনৰ নতুন নতুন দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই সকলোকে ভবাই তুলিছে।
প্ৰেৰক বিভাস দুৱৰা