নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ চিইএমৰ প্রহাৰত আহত যুৱতী

🔹 বিবাহিত গকুল বর্মনৰ কোন এই আৰক্ষী কনিষ্টবল প্রেয়সী
🔹 মূৰ–মুখমণ্ডলত গুৰুতৰ আঘাত
🔹 হোটেলত নিশা সাক্ষাতৰ পিছতে অপ্রীতিকৰ কাণ্ড

বিশেষ বার্তা,  ১৩ মে’ : কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য গকুল বর্মনৰ প্রহাৰত প্রেয়সী কনিষ্টবল এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত চিকিৎসাধীন হোৱা ঘটনাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উক্ত ঘটনা ডিব্রুগডত পৰহি সংঘটিত হয় যদিও কালিহে সকলো পোহৰলৈ আহে৷ যুৱতী কনিষ্টবলগৰাকী মুখ–চকুত বেয়াকৈ আঘাতপ্রাপ্ত হোৱা বুলিও প্রত্যক্ষদর্শীসকলে জানিবলৈ দিয়ে৷ প্রাপ্ত তথ্য অনুসৰি, প্রায় দুবছৰ পূর্বে গকুল বর্মনৰ প্রেয়সী কনিষ্টবলগৰাকীয়ে ডিব্রুগড আৰক্ষীত যোগদান কৰিছিল আৰু ডিব্রুগড চহৰৰ আৰক্ষী ছাউনীত থাকি সকলো দায়িত্ব পালন কৰিছিল৷ ইফালে, বিবাহিত গকুল বর্মন এই ঘটনাৰ পূর্বে কেতিয়া ডিব্রুগডলৈ আহিছিল সবিশেষ জানিব নোৱাৰিলেও কিন্তু ডিব্রুগড়ৰে বিলাসী হোটেলত বাহৰ পতা বুলি ধাৰণা কৰা হৈছে৷ সন্দেহ কৰা অনুসৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য গকুল বর্মনে ডিব্রুগডত বাহৰ পাতি থকা হোটেললৈ প্রেয়সী কনিষ্টবলগৰাকীক আমন্ত্রণ জনাইছিল৷ সেই অনুসৰি কনিষ্টবলগৰাকীয়ে হোটেলত গকুল বর্মনক সাক্ষাৎ কৰে৷ নিশাৰ ভাগত উক্ত হোটেলত কি ঘটনা বা কি পৰিস্থিতি হৈছিল, সেয়া স্পষ্ট নহ’লেও বর্মনে নিজে লৈ আহিছিল চিকিৎসালয়লৈ৷ কনিষ্টবলগৰাকী নিজেই বাথৰুমত পৰা বুলি পৰিয়ালক অৱগত কৰিলেও পৰিয়ালে এই কথা মানি ল’ব বিচৰা নাই৷ মূৰ, চকু আৰু মুখত গুৰুতৰভাৱে আঘাত পোৱাত পৰহি আইচিইউত ভর্তি কৰাবলগীয়া হয় প্রেয়সী কনিষ্টবলগৰাকীক৷ কালি হাস্পতালত কনিষ্টবলগৰাকীৰ পিতৃ উপস্থিত থাকিলেও ঘটনা সন্দর্ভত কোনো স্পষ্ট মতামত দিয়াৰ পৰা বিৰত থাকে৷ আনহাতে, গকুল বর্মনেও কোনো মতামত প্রকাশ নকৰি হাস্পতালৰ চৌহদ ত্যাগ কৰে৷ জানিব পৰা অনুসৰি বঙাইগাঁৱত থাকোঁতেই যুৱতী কনিষ্টবলগৰাকীৰ সৈতে প্রেম হৈছিল বর্মনৰ৷ অভিযোগ অনুসৰি, বর্মনে মাজে–সময়ে ডিব্রুগড়লৈ আহি প্রেয়সী কনিষ্টবলগৰাকীক লগ ধৰি উভতি যায় যদিও এইবাৰ এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল, সেয়া এতিয়াও ধূসৰ হৈয়ে আছে৷ চহৰখনৰ মিলন নগৰ আৰক্ষী চকীৰ অন্তর্গত শংকৰদেৱ হাস্পতালত কনিষ্টবলগৰাকীক ভর্তি কৰোৱা হয় যদিও আৰক্ষী চকীত বা সদৰ থানাত ঘটনা সন্দর্ভত কোনো অভিযোগ দাখিল হোৱা নাই৷ ঘটনাৰ বিষয়ে কোনো এটা পক্ষই মুখ খুলি ক’ব নিবিচৰাত তথা সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাত সমগ্র ঘটনাটোৱেই ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷

প্ৰেৰক বিভাষ দুৱৰা

You might also like