নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাৰৰ পিছত ভাৰতৰ ভোটাৰ কার্ড বিচাৰিছে ৱার্নাৰে

বিশেষ বাৰ্তা, ১৩ মে’ : ভাৰতৰ প্রতি তেওঁৰ প্রেম দীর্ঘদিনীয়া৷ হিন্দী গানৰ সৈতে ৰীল প’ষ্ট কৰাও দেখা যায় তেওঁক৷ সেইগৰাকী ডেভিদ ৱার্নাৰৰ এইবাৰ এটি অদ্ভুত তথ্য পোহৰলৈ আহিছে৷ ক্রিকেটাৰগৰাকীয়ে জনাইছে যে ইতিমধ্যে তেওঁ ভাৰতৰ আধাৰ কার্ড লাভ কৰিছে৷ এইবাৰ তেওঁ ভাৰতৰ ভোটাৰ কার্ডৰ বাবে অপেক্ষা কৰিছে৷ আৰচিবিৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত তেওঁৰ দল দিল্লী কেপিটেলছে খেলিবলৈ নমাৰ পূর্বে সামাজিক মাধ্যমত এটি ভিডিঅ’ প’ষ্ট কৰিছে৷ সেই ভিডিঅ’ত দেখা গৈছে এজন সতীর্থৰ সৈতে কথা পাতিবলৈ গৈ ৱার্নাৰে কৈছে যে তেওঁ ইতিমধ্যে আধাৰ কার্ড লাভ কৰিছে৷ এইবাৰ ভোটাৰ কার্ড পাবলৈ তেওঁ অপেক্ষা কৰিছে৷ সতীর্থজনে তেওঁৰ কথা বিশ্বাস কৰিব পৰা নাছিল৷ সেই সময়তে ৱার্নাৰ তথা তেওঁৰ সতীর্থৰ ফোন থপিয়াই নিয়ে তেওঁলোকৰ পিছফালে লুকাই থকা আন এজন সতীর্থই৷ তেওঁ লগে লগে আন ঠাইত লুকাই পৰে৷ তেওঁক বিচাৰি পাবলৈ আন পন্থা গ্রহণ কৰে ৱার্নাৰে৷ তেওঁ এটি জনপ্রিয় পঞ্জাবী গীত গাবলৈ লয়৷ তেওঁৰ সৈতে কণ্ঠ মিলাবলৈ গৈ লুকাই থকা সেই সদস্যজন বাহিৰলৈ ওলাই আহে আৰু ৱার্নাৰহঁতৰ হাতত ধৰা পৰি যায়৷ সম্পূর্ণ ভিডিঅ’ আৰু সংলাপবোৰ ধেমালিৰ ছলেৰেই কৰা হৈছে৷ উল্লেখ্য যে পূর্বেও ৱার্নাৰে ভাৰতত এটি নিজাকৈ বাসগৃহ ক্রয় কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল৷ কাৰণ, ক্রিকেটৰ পৰা অৱসৰ গ্রহণৰ পিছত তেওঁ মাজে–সময়ে আহি ভাৰতত সময় কটাব বিচাৰে৷ এই প্রসংগত ৱার্নাৰে কৈছিল– ভাৰতত মোৰ কোনো বাসগৃহ নাই৷ অৱশ্যে কিছুমান ঠাইত মই এটি গৃহৰ সন্ধান কৰিছোঁ৷ বহুতে মোক এইখন দেশত ঘৰ আছে নে নাই বুলি প্রশ্ণ কৰে৷ ক্রিকেটৰ পৰা সন্যাস লোৱাৰ পিছত হয়তো কেতিয়াবা ভাৰতলৈ আহি মই সময় কটাম৷ কাৰণ, এইখন দেশৰ জীৱনযাত্রা মোৰ অতি পছন্দৰ৷ মন কৰিবলগীয়া যে দীর্ঘদিন আইপিএলত খেলি থকাৰ সুবাদত তেওঁ দেশৰ বিভিন্ন ঠাই প্রত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে৷ আনকি, বলীউডৰ জনপ্রিয় গীতবোৰেও তেওঁক আকর্ষিত কৰিছে৷

You might also like