নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ চাৰিটাকৈ গাড়ীৰ ডীলাৰত অস্ত্রধাৰী চোৰৰ দলৰ টিঘিলঘিলনি

বিশেষ বাৰ্তা, ২২ জুনঃ এক শিহৰণকাৰী দৃশ্য।হিন্দী চিনেমাৰ দৰেই মুখত কাপোৰ বান্ধি হাতে হাতে মাৰনাস্ত্ৰ। একে সময়তে একেলগে ডিব্ৰুগড় চহৰৰৰ চাৰিটাকৈ গাড়ীৰ ডিলাৰত অস্ত্র লৈ চাৰিজনীয়া দল নিশা প্ৰৱেশ কৰা ভয়ানক দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। চহৰৰ মাজমজিয়াত আৰক্ষীয়ে গিজগিজাই থকা অৱস্থাত এনে দৃশ্যই আৰক্ষীৰ ফোপোলা স্বৰূপটো পুনৰবাৰ উদঙাই দিলে বুলিও প্ৰমাণিত হৈছে। দক্ষিণ ভাৰতৰ চিনেমাৰ দৰেই হাতে হাত মাৰণাস্ত্ৰ, মুখত বন্ধা আছে কাপোৰ। হয়তো সন্মূখত কাৰোবাক পালে ভয়ানকভাবে আক্ৰমণ কৰিবও পাৰে আৰু তেনে আক্ৰমণত কাৰোবাৰ প্ৰাণো নিশ্চিতভাবে যাব পাৰে। কালি নিশা ডিব্ৰুগড়ৰ চাৰিটাকৈ গাড়ী ডিলাৰৰ ভিতৰৰ ভয়াবহ দৃশ্য আছিল এনেধৰণৰ। এটা দুটা নহয় একে সময়তে সশস্ত্র চোৰৰ দলৰ চাৰিটাকৈ গাড়ীৰ ডিলাৰত প্ৰৱেশ কৰি চুৰিৰ অভিযানত নামি পৰে। ডিব্ৰুগড়ৰ চহৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চাৰিটাকৈ প্ৰতিস্থিত গাড়ীৰ বৃহৎ ডিলাৰ মহেন্দ্রা, কিয়া, টাটা মটৰ্চ আৰু বৰা টয়টাত এইদৰে অস্ত্র সস্ত্ৰ লৈ প্ৰৱেশ কৰে চোৰৰ তিনি -চাৰি জনীয়া এটি দল।প্ৰায় একে সময়তে চাৰিটাকৈ ডিলাৰত চুৰি কাণ্ড হৈ থাকিল যদিও কিন্তু একো উমঘাম নাপালে ডিব্ৰুগড় আৰক্ষীয়ে।চিচিটিভিৰ দৃশ্য অনুসৰি আটাইকেইটা ডিলাৰতে অস্ত্রৰে খিৰিকিৰৰ লক ভাঙি প্ৰৱেশ কৰা দেখা গৈছে। ডিলাৰত সোমাই সন্ধান কৰিছে টকা, ভাঙিছে আলমাৰিৰ ল’ক।টকা বিচাৰি লণ্ডভণ্ড কৰিছে কাগজপত্র।ইজনে সিজনক দিছে ইংগিতৰে নিৰ্দেশ।ইফালে চোৰৰ দলটো প্ৰৱেশ কৰিয়েই লক্ষ্য হিচাপে লৈছে কেচ কাউন্টাৰ।কেচ কাউন্টাৰ থকা বা নগদ ধন থকা ঠাইতেই সুমুৱাৰ চেষ্টা চলাইছে দলটোৱে।এই সমূহ বৃহৎ ডিলাৰত চিচি টিভি থকা বুলি জানিও,অস্ত্র-সস্ত্ৰ লৈ বিনা দিধাই চুৰৰ চাৰিটাকৈ দল প্ৰৱেশ কৰাতোৱে নিশ্চয়কৈ এটা সহজে মানি ল’ব নোৱাৰা বিষয়। এনেক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে জনসাধাৰণক নিৰাপত্তা দিব পৰা বিষয়টোতোৱে যথেষ্ট সন্ধেহ উপজালে এই ভয়াবহ দৃশ্য সমূহে।পুৱতি নিশাৰ সময়ত চুৰে ডিব্ৰুগড়ৰ আৰক্ষীৰ নাকৰ তলেৰে এইদৰে চিকিউৰিটি গাৰ্ড থকা চাৰিটাকৈ ডিলাৰত অস্ত্র লৈ প্ৰৱেশ কৰা ভয়াবহ দৃশ্যই ডিব্ৰুগড়বাসী কিমান সুৰক্ষিত তাকেই যেন সকলো উদঙাই দিলে। অৱশ্য চোৰৰ দলটোৱে কোনো গাড়ীৰ ক্ষতিসাধন নকৰাকৈ হেলাৰঙে বাহিৰলৈ ওলাই নিৰাপদে আতৰি যাবলৈকো সক্ষম হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে যদিও কোনো লোককে এই পৰ্যন্ত গ্ৰেপ্তাৰ বা আটক কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like