নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত বন্ধুক হত্যা কৰি পুতি থ’লে ব্রহ্মপুত্রৰ বালিত

মৰণফান্দ হ’ল ‘পুৰণি টিভি’ৰ উৰাবাতৰি

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ বন্ধুৱে বন্ধুক কৰা নির্মম হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্র ডিব্রুগড়৷ এজন বিশেষভাৱে সক্ষম যুৱকক উলংগ কৰি নিজ বন্ধুৱে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰি পুতি থোৱা ঘটনাক কেন্দ্র কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ’৮০ দশকৰ এটা পুৰণি বক্স টিভিৰ সন্ধানেই কাল হ’ল বিশেষভাৱে সক্ষম যুৱকজনৰ৷ বক্স টিভিৰ সন্ধানত ঘৰৰ পৰা নগদ এক লাখ টকা আৰু গহনা–পাতিসহ ওলাই গৈ অৱশেষত নৃশংস হত্যাৰ বলি হ’ল ডিব্রুগড়ৰ ঘোঁৰামৰাৰ যুৱকজন৷ উল্লেখ্য যে এতিয়া পুৰণি নোট, ’৮০ দশকৰ পুৰণি বক্স টিভিৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন দিয়া হ’ব বুলি ছ’চিয়েল মিডিয়া আৰু বিভিন্ন ধৰণে উৰাবাতৰি বিয়লি পৰিছে৷ এই উৰাবাতৰিয়ে হৈ পৰিল যুৱকৰ মৰণফান্দ৷ জানিব পৰা মতে, ডিব্রুগড়ৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তর্গত ডংপথাৰ জগলনীৰ নাৰায়ণ দুৱৰা (২৬) নামৰ জন্মৰে পৰা বিশেষভাৱে সক্ষম যুৱকজন পুৰণি বক্স টিভিৰ সন্ধানত যাওঁতেই পৰিকল্পিতভাৱে হত্যা কৰা হ’ল৷ অভিযোগ মতে যোৱা ১ নৱেম্বৰৰ দিনা অশোক কুর্মী নামৰ এজন নলে–গলে লগা বন্ধুৱে বক্স টিভিৰ সন্ধানত নিজৰ মটৰচাইকেলত নাৰায়ণক ঘৰৰ পৰা লৈ গৈছিল৷ নাৰায়ণে বক্স টিভি ক্রয় কৰিবলৈ ঘৰৰ পৰা লগত লৈ গৈছিল বৃহৎ পৰিমাণৰ ধন আৰু অলংকাৰো৷ কিন্তু নাৰায়ণ দেওবাৰৰ পৰা নিজ গৃহলৈ উভতি নহাত শংকিত হৈ পৰে পৰিয়াল৷ পৰিয়ালৰ লোকে অশোক কুর্মী আৰু অশোকৰ পত্নীক ফোনযোগে যোগাযোগ কৰে যদিও অশোকে ডিব্রুগড়ৰ লাহোৱালতে নাৰায়ণে তেওঁৰ লগ এৰা বুলি কয়৷ নাৰায়ণৰ পৰিয়ালে উপায়ান্তৰ হৈ অৱশেষত আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীয়ে অশোকক গ্রেপ্তাৰ কৰি প্রাৰম্ভিক তদন্ত চলাওঁতে নাৰায়ণক হত্যা কৰি ৰহমৰীয়াত ব্রহ্মপুত্রৰ চাপৰিত পুতি থোৱা বুলি বিস্ফোৰক স্বীকাৰোক্তি প্রদান কৰে৷ অৱশেষত আজি পুৱাৰে পৰা বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই ৰহমৰীয়াৰ ব্রহ্মপুত্রৰ গেলেকী চাপৰিৰ বালিত পুতি থোৱা নাৰায়ণৰ অর্ধগলিত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ যুৱকজনক উলংগ কৰি অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰি বালিত পুতি থৈছিল৷ লগত লৈ যোৱা ধন–ংলকাৰৰ লোভতে অশোকে বন্ধু নাৰায়ণক এনেদৰে নৃশংসভাৱে হত্যা কৰে৷ ডিব্রুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাৰ ভদ্রেশ্বৰ দুৱৰা আৰু অণিমা দুৱৰাৰ পুত্র নাৰায়ণ দুৱৰা বিশেষভাৱে সক্ষম যদিও দৰিদ্র পৰিয়ালটোক আৰু স্থানীয় লোকসকলক বিভিন্ন প্রকাৰে সহায়–সহযোগ কৰি আহিছিল আৰু কর্মসংস্থাপনৰ পথ নিজে মুকলি কৰি লৈছিল৷ স্থানীয় সৰবৰহী তথা শাৰীৰিকভাৱে সক্ষম যুৱকজনৰ এনে নৃশংস হত্যাকাণ্ডৰ পিছতে অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ লগতে হত্যাকাৰী অশোকক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ লাহোৱাল থানাত স্থানীয় লোকে দাবী কৰে৷ আৰক্ষীয়ে অশোকক গ্রেপ্তাৰ কৰি উক্ত ঘটনাত আৰু কোনো লোক জড়িত থকাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে৷

You might also like