নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱহেলিত! মোহনবাৰী বিমান বন্দৰত বিগত ১৩ বছৰে নিশাৰ ভাগত উৰণ-অৱতৰণ নহল এখনো বিমান!

  • ১৩ বছৰে নিশাৰ ভাগত উৰণ-অৱতৰণ নহল এখনো বিমান!
  • একাংশ ধুৰন্ধৰ বিষয়া-কৰ্মচাৰীৰ স্বৈৰাচাৰিতাৰ বাবেই আজিও পূৰ্ণতা নাপালে ডিব্ৰুগড়ৰ বিমান বন্দৰ!
  • কেইবাশ কোটি টকা পানীত পৰিলঃকাৰো চেতনা নাহিল

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: ডিব্ৰুগড়ৰ প্ৰতি আজিও যেন মাহী আইৰ দৃষ্টিভংগী!বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনে-নিশাই অহৰহ সকলো প্ৰচেষ্টা চলাই থকাৰ মাজতে একাংশ ধুৰন্ধৰ বিষয়া-কৰ্মচাৰীৰ স্বৈৰাচাৰিতাৰ বাবেই আজিও পূৰ্ণতা নাপালে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰে।ডিব্রুগড় বিমানবন্দৰত নৈশ ভাগত বিমান চলাচল কৰিব কেতিয়া?এই প্ৰশ্ন এতিয়া সকলোৰে মাজত সৰব চৰ্চা।ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অত্যাধুনিক সুবিধা থকাৰ পাছতো কিয় বিমানৰ নৈশ উৰণ অৱতৰণ নহল? কাৰ হেমাহিৰ বাবে বিগত ১৩ বছৰে ডিব্ৰুগড়ৰ লগতে চুবুৰীয়া ৰাজ্য অৰুনাচল,নগালেণ্ডৰ যাত্ৰীয়ে অকথ্য যাতনাৰ সন্মুখীন হব লগীয়াত পৰিছে? উক্ত বিমান বন্দৰ প্ৰাধিকৰণৰ কোন কোন বিষয়া-কমচাৰী জড়িত হৈ আছে এই কাৰ্যত? উল্লেখ্য যে ২০১০ চনৰ পৰা ডিব্ৰুগড় বিমান বন্দৰত নৈশ অৱতৰণৰ সকলো সুবিধা থকা স্বত্বেও আজিলৈকে নৈশ বিমানৰ উৰণ আৰু অবতৰণ কৰা নহ’ল।কেৱল বিমান প্ৰতিষ্ঠানসমূহেই নহয় উজনি অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পাছতো একাংশ বিষয়া-মইমতালিৰ বাবেই ডিব্ৰুগড় বিমান বন্দৰত নৈশ অৱতৰণ সুদুৰ পৰাহত হৈ পৰিছে।ইতিমধ্যে ডিব্রুগড় বিমানবন্দৰৰ ৰানৱে’ৰ দৈর্ঘ ১৮৩০ মিটাৰৰ পৰা ২২৯০ মিটাৰলৈ সম্প্রসাৰণ কৰা হৈছে৷ অহা জুলাইৰ ভিতৰত এই কাম সম্পূর্ণ কৰা হ’ব।তাৰ পিছতেই Instrument Landing System (ILS) স্থাপনৰ কাম নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে।মোহনবাৰী বিমানবন্দৰত অত্যাধুনিক CAT-I লাইটিং চিষ্টেম সংস্থাপনৰ ব্যৱস্থাও কৰা হৈছে।আনহাতে বিমান বন্দৰটোত এয়াৰ ট্ৰেফিক কন্ট্রল (এটিচি) টাৱাৰ নিৰ্মাণৰ কামো পূৰ্ণগতিত চলি আছে।

বর্তমান ডিব্রুগড় বিমানবন্দৰৰ পৰা সর্বাধিক ৯ খনকৈ বিমান উৰা মৰাৰ লগতে প্রতিদিনে প্রায় ১২০০ যাত্রী কঢ়িয়াই যদিও নৈশ অৱতৰণৰ সুবিধা নথকাত বহু যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে।এতিয়া প্ৰশ্ন হয় কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত একোটা আন্তঃজাৰ্তিক বিমান বন্দৰৰ সকলো সুবিধাযুক্ত ডিব্ৰুগড় বিমান বন্দৰত বিমানৰ সংখ্যা বৃদ্ধিৰ লগতে নৈশ উৰণ-অৱতৰণ কেতিয়া হ’ব,সেই প্ৰশ্নৰ উত্তৰ দিবলৈ অপৰাগ বিমান প্ৰাধিকৰণৰ বিষয়া সকল।কেৱল দায় হৰা মন্তব্যৰে জনতাক দীৰ্ঘকাল ফাকি দি আহিছে।

অৱশ্যে ডিব্ৰুগড় বিমানবন্দৰৰ প্ৰবন্ধক গৰাকীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱবাসীয়ে চলিত বৰ্ষতে নতুন উপহাৰ লাভ কৰিব বুলি আশা ব্যঞ্জক মন্তব্য কৰিছে।

উল্লেখযোগ্য যে, নিয়মীয়া ভাৱে নিশা বিমান চলাচলৰ সকলো সুবিধা থকা স্বত্বেও ডিব্ৰুগড় তথা উজনি অসমৰ যাত্ৰী সকলক এই সুবিধাৰ পৰা বঞ্চিত কৰি থকা হৈছে।সেই বাবেই ১৩ বছৰ পূর্বে নৈশ বিমান চলাচলৰ বাবে সাজু হোৱা ডিব্ৰুগড় বিমানবন্দৰ এখনো নিয়মীয়া নৈশ বিমান নচলিল।২০১৩ চনতেই Jet Airways ৰ পলমকৈ অহা যাত্ৰীবাহী বিমানখন নিশা ১০ বজাত অৱতাৰণ কৰিছিল আৰু পুনৰ যাত্ৰী লৈ উৰা মাৰিছিল।তাৰ পিছতেই বিভিন্ন সময়ত পলমকৈ অহা বিমান সমূহক এই সুবিধা প্ৰদান কৰি থকা হৈছে। কিন্তু প্ৰশ্ন হৈছে, নিয়মীয়া বিমান কিয় আজিও নচলিল। প্ৰথম অৱস্থাত একাংশ বিনানবন্দৰৰ বিষয়াই নিশা বিমান চলাবৰ বাবে কোনো বিমান কোম্পানী আগ বাঢ়ি নহাৰ কথা দোহাই দিছিল।যেতিয়া একাংশ বিমান কোম্পানীয়ে ইচ্ছা প্ৰকাশ কৰিল, তেতিয়া ATC বিভাগত কৰ্মীৰ অভাৱৰ দোহাই দি তেনে প্ৰস্তাৱ সমূহ অগ্ৰাহ্য কৰি আহিছে।কিন্তু জানিব পৰা মতে গোটেই বিষয়টোৰ মূল কাৰণ হৈছে একাংশ ATC ৰ বিষয়া সকলে আবেলি ৩ বজাৰ পিছত দ্বিতীয় Shift ত কাম কৰিবলৈ ইচ্ছুক নহয়।বিমান বন্দৰত কেন্দ্ৰীয় ঔদ্যোগীক নিৰাপত্তা বাহিনীৰ লোকৰ পৰিসংখ্যা বৃদ্ধিৰ লগতে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ কৰ্মচাৰীও আছে যথেষ্ট।অথচ নিশাটো বাদেই, বিয়লি ৩ বজাৰ পাছত সকলো বিমানৰ আহ-যাহ বলপূৰ্ব্বকভাবে বন্ধ ৰখা হয়।অভিযোগ মতে এটিচিৰ কৰ্মচাৰীসকলৰ ব্যক্তিগত স্বাৰ্থত বিগত ১৩ বছৰে এনে এক সুবিধাৰ পৰা এক বৃহৎ অঞ্চলৰ ৰাইজ বঞ্চিত হৈ আহিছে।এতিয়া প্ৰশ্ন হয়,কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত আৰু ৰাজ্য চৰকাৰে উক্ত আঁচনিৰ বহি:ভূক্তৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিমান চলাচল কৰাৰ বাবে ইতিমধ্যেই চুক্তি সম্পন্ন কৰিছে যদিও,বিমান সমূহ ৰাইজৰ সুবিধাৰ বাবে উপলব্ধ হবনে? সেয়া এতিয়া সবাতোকৈ বৃহৎ প্ৰশ্ন।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like