নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা সৈনিক স্কুলত ৰেগিং কাণ্ডঃ জ্যেষ্ঠ ছাত্ৰই কণিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ:  গোৱালপাৰা সৈনিক স্কুলত ৰেগিং কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱাত মৰনৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি মৰনৈ সৈনিক স্কুলৰ জ্যেষ্ঠ ছাত্ৰই কণিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰা বুলি ডি জি পি কাৰ্যালয়ত অভিভাৱকে অভিযোগ দিছিল । উক্ত অভিযোগৰ পিছতে ডিজিপিয়ে গোৱালপাৰা আৰক্ষী অধীক্ষকক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সেইমতে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত ঘটনা সন্দৰ্ভত ২৬/২০২৩নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩৪১/৩৪ধাৰাৰ লগতে জে জে এক্টৰ ২৩নং ধাৰা /এপিআৰ এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে । যি সময়ত ৰেগিঙৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে আৰু যি সময়ত মৰনৈ সৈনিক স্কুলত অতি শৃংখলা বদ্ধতাৰ মাজত শিক্ষা প্ৰদান কৰা হয় বুলি জহাই ফুৰা সৈনিক স্কুলৰ ৰেগিং কাণ্ডকলৈ জিলা খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

You might also like