বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ ডিব্ৰুগড়ত আজি নিশা সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় চহৰ। চহৰখনৰ মিলন নগৰ আৰক্ষী চকীৰ অৰ্ন্তগত নতুন চিৰিং গাঁৱত ৰীমা দাস (৪৭) নামৰ এগৰাকী বিবাহিত মহিলাক কোনো অচিনাকি দুৰ্বৃত্তই নিজ গৃহতে চোকা অস্ত্ৰৰে হত্যা কৰে। ঘটনাৰ সবিশেষ জানিব পৰা নাই যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে চহৰখনৰ নতুন চিৰিং গাওঁস্থিত সৰ্ব্বশিক্ষা কাৰ্যালয়ৰ সমীপৰ সৰ্ব্বেশ্বৰ দাসৰ পত্নী ৰীমা দাসক নিজ গৃহৰ পাছফালে তেজৰে তুমৰলি হৈ লেট্ৰিনৰ ভিতৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাস্থলীত এখন কেঁচিৰ বাহিৰে বেলেগ অস্ত্ৰ উদ্ধাৰ হোৱা নাই। মহিলাগৰাকীৰ মুৰত আৰু ডিঙিত আঘাতৰ চিহ্ন পোৱা গৈছে। ঘটনা সংঘটিত হোৱাৰ সময়ত গিৰিয়েক বজাৰ কৰিবলৈ গৈছিল। আনহাতেদি দুগৰাকী জীয়ৰীক ইতিমধ্যেই বিয়া দিয়াৰ লগতে একমাত্ৰ লৰাই বিএচএফত চাকৰি কৰি আছে। ঘটনাৰ প্ৰকৃত ৰহস্য এতিয়াও উদঘাটন হোৱা নাই।
প্ৰেৰক বিভাস দুৱৰা