নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় মন্ত্রী হিচাপে নিযুক্তি লাভ কৰি ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল

🎯সহস্রাধিক লোকৰ হৰ্ষধ্বনিৰে মুখৰিতৰ আদৰণী অনুষ্ঠান

বিশেষ বাৰ্তা, ২০ জুনঃ “ডিব্ৰুগড়ৰ সন্তান আৰু সাংসদ হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰি যাম।ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ” -একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্রী হিচাপে মোদী ৩.০ৰ কাৰ্যকালত শপতগ্ৰহণ কৰাৰ পাছত কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে। ডিব্ৰুগড়ৰ সাংসদ হিচাপে বিগত লোকসভাৰ নির্বাচনত বিপুল ভোটত জয়ী হোৱা প্রিয় নেতাগৰাকীক আদৰিবলৈ আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত পুৱাৰে পৰা সহস্রাধিক লোকে ভীৰ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে গায়ন-বায়নসহ বিপুল হর্ষধ্বনিৰে উষ্ম আদৰণি জনায়। ইয়াৰ পাছতেই স্থানীয় বিধায়ক প্রশান্ত ফুকনৰ উদ্যোগত ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত আয়োজিত আদৰণি অনুষ্ঠানতো সৰ্বস্তৰৰ লোকে সোণোৱালক ব্যাপক আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে।ইণ্ডিয়া ক্লাবত আয়োজিত সভাত সোণোৱালে ৰাইজৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁ ভাষণত ৰাইজক সম্বোধি কয়- “ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে যি অভূতপূর্ব মৰম-সমৰ্থনেৰে বিজয়ী হোৱাত সহায় কৰিলে, মই সঁচাকৈয়ে অভিভূত। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰিম। ডিব্ৰুগড় মোৰ জন্মভূমি, মোৰ কৰ্মভূমি। ডিব্ৰুগড়ৰ সন্তান আৰু সাংসদ হিচাপে নিষ্ঠাৰে কাম কৰি যাবলৈ মই দৃঢ় সংকল্পবদ্ধ বুলি সোণোৱাল উল্লেখ কৰি বিগত লোকসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ-ৰ ঐতিহাসিক বিজয়ত অসমেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা সদৰী কৰি এই পুণ্যভূমি অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰপৰা বিপুল ভোটত জয়ী কৰোৱাৰ বাবে জনতা জনার্দনৰ শ্ৰীচৰণত নতশিৰে সেৱা জনোৱাৰ বিষয়ে ব্যক্ত কৰি তেওঁৰ ওপৰত আস্থা- বিশ্বাস অটুট ৰাখি প্রতিটো খোজতে পথ-প্ৰদৰ্শন কৰি আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী,কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তদুপৰি, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাকো তেওঁলোকৰ অকুণ্ঠ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।তাৰোপৰি বিজেপি আৰু মিত্রদলসমূহৰ কার্যকর্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সমর্পিত সেৱা আৰু সক্রিয় ভূমিকাৰ বাবে অশেষ ধন্যবাদ জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জাতি-ধর্ম- ভাষা-বর্ণ নির্বিশেষে ৰাইজক আৰু শুভাকাংক্ষীসকলকো এই ছেগতে সোণোৱালে শ্ৰদ্ধা, কৃতজ্ঞতা জনাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সমষ্টিটোৰ প্ৰতিগৰাকী মন্ত্রী, বিধায়ক, সতীর্থ, শ্ৰদ্ধাৰ ৰাইজ আৰু শুভাকাংক্ষীসকলে সোণোৱালৰ প্ৰতি আগবঢ়োৱা অফুৰন্ত সহযোগিতা, মৰম- আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে।ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালেে কয়— ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আৰু ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি অসমৰ সৰ্বাংগীণ বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ আমি বদ্ধপৰিকৰ।এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে সৰ্বস্তৰৰ লোকক লগত লৈ আমি অনাগত দিনবোৰতো ঐক্যবদ্ধভাৱে আগুৱাই যাম।সোণোৱালে তদুপৰি উল্লেখ কৰে- নৰেন্দ্ৰ মোদী ২০১৪ চনত প্রধানমন্ত্রী হোৱাৰ পাছত আৰু ২০১৬ চনত অসমত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতহে ডিব্ৰুগড়ৰ প্ৰকৃত ৰূপান্তৰ আৰম্ভ হৈছিল। আজি এই অঞ্চলটো সম্পূর্ণ শান্ত। ইয়াৰ যুৱক-যুৱতীসকলে কর্মসংস্থাপন আৰু জীৱিকা উপাৰ্জনৰ বিভিন্ন সুযোগ লাভ কৰিছে, কৃষক আৰু দুখীয়া ৰাইজে যথাযথ মর্যাদা আৰু সম-বিকাশ লাভ কৰিছে আৰু নাৰীসকল সবল হৈ উঠিছে। যোৱা দহ বছৰৰ ভিতৰত এই সমষ্টিত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীক সামাজিক আৰু অর্থনৈতিকভাৱে সবল কৰা হৈছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত হোৱা অভূতপূর্ব পৰিৱৰ্তন আপোনাসৱৰ চকুৰ আগত। বিগত ১০ বছৰত অসম তথা উত্তৰ- পূর্বাঞ্চলত হোৱা ক্ষিপ্ৰ ৰূপান্তৰো আপোনালোকে দেখা পাইছে। বিজেপি চৰকাৰৰ দিনত অসম কেইবা দশকৰ অন্ধকাৰৰ পৰা ওলাই আহিছে।আজি, ডিব্ৰুগড় বিশ্ব মানচিত্রত জিলিকি উঠিছে। দৰাচলতে, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নতুন আত্মবিশ্বাস আৰু শক্তি বিচাৰি পাইছে। সমগ্ৰ অঞ্চলটোৰ মানুহে এতিয়া উপলব্ধি কৰিছে যে বিজেপিয়েই হৈছে একমাত্র দল যিয়ে তেওঁলোকৰ ভাগ্য সলনি কৰিব পাৰে। তদুপৰি, বিজেপি চৰকাৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত সবাতোকৈ বেছি গুৰুত্ব দিছে বুলিও উল্লেখ কৰে।আজিৰ সভাত স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সংসদীয় সমষ্টিটোৰ বিধায়ক সকল,জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, মেয়ৰ ডাঃ চৈকত পাত্ৰ, দলীয় কৰ্মী আৰু কৰ্মকতা সকলক উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like