নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলা ছবিৰ অভিনেতা ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত অধ্যাপক, ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে ভাইৰেল ছাৰৰ কু-কাণ্ড

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ পুনৰ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয় । অৱশ্যে এইবাৰ কোনো উচ্চ শিক্ষা অথবা কোনো শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ বাবে নহয়, এইবাৰ এগৰাকী অধ্যাপকৰ কু-কাণ্ডৰ বাবে পুনৰ চৰ্চালৈ আহিছে বিশ্ববিদ্যালয়খন ।

এগৰাকী অধ্যাপকৰ অশ্লীল ভিডিঅ’ই তোলপাৰ লগাইছে এতিয়া ডিব্ৰুগড়ত। কাৰণ ব্লু ফিল্মৰ অভিনেতা, পৰিচালকৰ ৰূপত ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী গণিতৰ সহযোগী অধ্যাপক ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজিত চৌধুৰীয়ে বহু বিদেশী ৱেবছাইটত নিজেই আপলোড কৰা ব্লুফিল্ম ৰাজহুৱা হৈ পৰাত তোলপাৰ লাগিছে বিশ্ববিদ্যালয়খন।

অৱশ্যে শৈক্ষিক পৰিৱেশত এনে কালিমা সনা অধ্যাপকগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিশ্চন্দ্ৰ মহন্তই এখন এজাহাৰ দাখিল কৰে । বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীৰ এজাহাৰৰ ভিত্তিতে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক।

আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে লম্পট অধ্যাপক জনৰ বিৰুদ্ধে ১০৪৪/২০ নম্বৰৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

You might also like