ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক নিলম্বন
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক ৰাজ্যপালৰ তদন্ত কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে নিলম্বন কৰা হয়। উপাচাৰ্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈ আহিছিল বিগত কিছুদিন ধৰি।
বিশ্ববিদ্যালয়ৰ শিক্ষক,কৰ্মী সন্থা, আছু গোট তথা ছাত্ৰ-ছাত্ৰীৰ লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱায়ো তদন্তৰ দাবী উত্থাপন কৰিছিল। ৰাজ্যপাল জগদীশ মুখীয়ে উচ্চ শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, উজনি অসমৰ আয়ুক্ত মলয় বৰা, ফৰেনচিকৰ বিজ্ঞানী ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰীক লৈ গঠন কৰা কমিটীৰ দ্বাৰা তদন্ত চলায়।
এতিয়া তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছতে ড০ তামুলীক নিলম্বন কৰা হয়। বৰ্তমান ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে প্ৰফেছৰ আৰ এন যাদৱক দায়িত্ব অৰ্পণ কৰা হৈছে।