নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্বঃৰ বিজ্ঞান শাখাৰ শ্রেষ্ঠ স্নাতক ডিব্ৰু কলেজৰ অর্পিতা দত্ত

বিশেষ বাৰ্তা, ১৪ জুন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফল অনুসৰি শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰী অর্পিতা দত্তই। প্রাণী বিজ্ঞান বিভাগৰ ছাত্ৰী অর্পিতাই ৯.৫২ চি জি পি এ লাভ কৰি এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্রী অর্পিতাৰ ঘৰ যোৰহাটৰ টীয়কত। উল্লেখযোগ্য যে এইবাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৩৬৫৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৬৪৪ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হ’বলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা ড° পি কে কাকতিয়ে এক প্রেছ বার্তাত জনোৱা মতে উত্তীৰ্ণৰ হাৰ হৈছে ৭২.৩২ শতাংশ। আনহাতে, বিজ্ঞান শাখাৰ ষষ্ঠ যন্মাষিকৰ পৰীক্ষাত ডিব্ৰু মহাবিদ্যালয়ৰো ৭৮.২৯ শতাংশ ছাত্র-ছাত্রী উত্তীর্ণ হৈছে। ফলাফল লাভ কৰাৰ পিছতেই মহাবিদ্যালয়খনত এক উৎশৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক অর্পিতা দত্তক অধ্যক্ষ ড° ৰঞ্জন চাংমাই আৰু শিক্ষক গোটে অভিনন্দন জ্ঞাপন কৰে। তদুপৰি, শ্রেষ্ঠ স্নাতক অর্পিতাক নগদ ১০ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ড০ চাংমাইয়ে ঘোষণা কৰি কয় যে প্রাণী বিজ্ঞান বিভাগলৈ উদ্‌দ্গণিমূলকভাৱে ২০ হাজাৰ টকা আগবঢ়োৱা হ’ব। অধ্যক্ষ চাংমাইয়ে আৰু কয় যে এখন মহাবিদ্যালয়ৰ আন্তঃগাঁথনি অতি প্রয়োজনীয়। কিন্তু, আন্তঃগাঁথনি পর্যাপ্ত নাথাকিলেও মানব সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্রীসকলে যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে। সীমিত আন্তঃগাঁথনিৰ ভিতৰতেই অর্পিতাৰ সাফল্যই সেই কথাই প্রমাণিত কৰিছে। তেওঁ কলেজখনক আন্তঃগাঁথনিৰ দিশৰ পৰাও ন ৰূপ দিয়াৰ চেষ্টা কৰি আছে বুলি প্ৰকাশ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like