সহস্ৰাধিক লোকৰ অংশগ্রহণেৰে মুখৰ ডিব্ৰুগড়ৰ যোগ মহোৎসৱ
বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ পূৰ্বৰ উপলক্ষে আজি ডিব্ৰুগড়ত উলহ-মালহেৰে যোগ দিৱস উদযাপিত হয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই যোগ মহোৎসৱত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি যোগ প্ৰদৰ্শন কৰে।শুভাৰম্ভৰ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়—সহস্ৰাধিক লোকৰ উপস্থিতিৰে মুখৰিত এই প্ৰাণৱন্ত পৰিৱেশত ডিব্ৰুগড়ে ‘যোগ মহোৎসৱ’ৰ আয়োজন কৰাটো অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।যোগৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীক যোগ মহোৎসৱৰ সফলতাই অধিক সবল ৰূপত আগুৱাই লৈ গৈছে।আমাৰ উদ্দেশ্য হৈছে এখন সুস্থ-সবল আৰু সুখী বিশ্ব গঢ় দিয়াৰ দিশত যোগৰ গুৰুত্ব বৃদ্ধি কৰা। যোগক জীৱনধাৰা হিচাপে উন্নীত কৰাৰ আমাৰ প্ৰচেষ্টাই কেৱল মানুহৰ স্বাস্থ্য সবল কৰাই নহয়, লগতে এখন সুস্থ-সবল ভাৰত গঢ়ি তোলাতো ইতিবাচক অৱদান আগবঢ়াব বুলি তেওঁ কয়। তেওঁ লগতে পুনৰাই কয় যে ২০২২ চনত শিৱসাগৰত আৰু ২০২৩ চনত ডিব্ৰুগড়ত যোগ মহোৎসৱৰ সফলতাই যোগৰ ক্ষেত্ৰখনত অসমৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আমি দৃঢ় বিশ্বাসী । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু সবল নেতৃত্বৰ বাবেই যোগে এতিয়া বিশ্বজুৰি সমাদৰ আৰু গ্রহণযোগ্যতা লাভ কৰিছে। বিশ্ববাসীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ লগতে সুস্বাস্থ্যৰ দিশত যোগে এক নতুন পথৰ সন্ধান দিছে। যোগৰ অভূতপূর্ব উপকাৰিতা আৰু সুফলৰ বাবেই বিশ্বৰ চৌদিশে ভাৰতৰ এই প্ৰাচীন পদ্ধতিৰ জনপ্রিয়তা দিনে-দিনে বৃদ্ধি পাইছে। লগতে কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰি কয় যে ‘আজি বিশ্ব স্বাস্থ্য দিৱসৰ দিনাই উদযাপন কৰা এই যোগ মহোৎসৱত মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে আয়ুষ মন্ত্রালয়ে ডিব্ৰুগড়ত ১০০ খন বিছনাযুক্ত যোগ আৰু নেচাৰ’পেথী চিকিৎসালয় স্থাপন কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াৰ যোগেদি ডিব্ৰুগড় অঞ্চলটো স্বাস্থ্যসেৱাৰ প্ৰাণকেন্দ্ৰ হিচাপে অধিক শক্তিশালী হ’ব আৰু জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু আন্তৰিকতাৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ অভূতপূৰ্ব ৰূপান্তৰ সম্ভৱ হৈ আছে।এই দিশত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা শলাগৰ পাত্ৰ।যোগ অনুশীলনকাৰীসকলৰ সুবিধার্থে এক অনুকূল পৰিৱেশ গঢ় দিয়াৰ বাবে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে যিয়ে যোগক সকলোৰে জীৱনশৈলীৰ অভিন্ন অংশ কৰি তোলাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতাক অধিক শক্তিশালী কৰিব।” অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই সমবেত লোকসকলক সম্বোধন কৰি কয় যে, ‘যোগ ভাৰতীয় ঐতিহ্য-পৰম্পৰাৰ অন্যতম মহান আশীর্বাদ।মাননীয় প্রধানমন্ত্ৰী মোদীৰ বলিষ্ঠ পদক্ষেপৰ ফলত যোগে ইয়াৰ অতীত গৌৰৱ পুনৰুদ্ধাৰ কৰিছে কিয়নো এতিয়া ইয়াক সুস্বাস্থ্যৰ প্ৰেছক্রিপচন হিচাপে সমগ্ৰ বিশ্বতে গ্রহণ কৰা হৈছে।মই নিজে এজন চিকিৎসক হোৱাৰ বাবে যোগৰ সুফল আৰু লাভালাভ ভালদৰেই বুজি পাওঁ । যোগাভ্যাসে মানুহৰ জীৱন সুন্দৰ কৰি তোলাৰ লগতে এক উন্নত ভৱিষ্যতৰো প্ৰতিশ্ৰুতি দিয়ে।অনুষ্ঠানটোলৈ মোক সাদৰে আমন্ত্ৰণ জনোৱাৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালক বিশেষকৈ ধন্যবাদ জনোৱাৰ কথা সদৰী কৰে।কেন্দ্ৰৰ আয়ুষ মন্ত্রালয়ে আয়োজন কৰা আজিৰ এই ‘যোগ মহোৎসৱ’ত টাঞ্জানিয়া, ইউগাণ্ডা, কেনিয়া, ট’গো, নেপাল, নাইজেৰিয়া, লেছ’থো, বটছৱানা, ইজিপ্ত, নামিবিয়া আৰু কোৰিয়াৰ শিক্ষার্থীসকলেও অংশগ্ৰহণ কৰি ইয়াক এক বৃহৎ সফলতা প্রদান কৰে।মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ড° ঈশ্বৰ ভি. বাসৱ ৰেড্ডীয়ে যোগ প্ৰদৰ্শনৰ কাৰ্যসূচী পৰিচালনা কৰে।
প্ৰেৰক বিভাস দুৱৰা