নিয়মীয়া বাৰ্তা ২০ জুলাইঃ ৰাজ্যত ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হোৱাৰ সময়তে ডিব্রুগড়ৰ পৰা আহিছে এক ভয়াৱহ খবৰ৷ ডিব্রুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত একেলগে ধৰা পৰিছে ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্ট৷ বিশেষজ্ঞসকলে এনেদৰে এজন ৰোগীৰ শৰীৰত দুটা ভেৰিয়েণ্ট একেলগে লাভ কৰাৰ প্রথমটো ঘটনা বুলি সদৰী কৰিছে৷ ডিব্রুগড়স্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রৰ বিষয়ববীয়াসকলে মহিলাগৰাকীৰ শৰীৰত একে সময়তে দুটা ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰিছে৷ অৱশ্যে সম্পূর্ণ প্রতিষেধক গ্রহণ কৰা মহিলাগৰাকীৰ শৰীৰত মৃদু লক্ষণে দেখা দিছে৷ তেওঁ হাস্পতালত চিকিৎসাধীন হোৱাৰ প্রয়োজনীয়তা নাই বুলিও উল্লেখ কৰা হৈছে৷
চিকিৎসকসকলে প্রকাশ কৰা অনুসৰি এই দুই প্রকাৰৰ ভেৰিয়েণ্টৰ দ্বাৰা সংক্রমিত পৃথক পৃথক ৰোগীৰ সংস্পর্শলৈ অহাৰ বাবে আক্রান্ত চিকিৎসকগৰাকীৰ শৰীৰত একেলগে দেখা গৈছে দুয়োটা ভেৰিয়েণ্ট৷ চিকিৎসকগৰাকীৰ স্বামীও ইতিমধ্যে ক’ভিডৰ আলফা ভেৰিয়েণ্টৰ দ্বাৰা সংক্রমিত হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে এই ধৰণৰ ঘটনা ব্রিটেইনত যোৱা মার্চত পোহৰলৈ আহিছিল৷ ব্রিটেইনত প্রথমবাৰৰ বাবে এই ঘটনা পোহৰলৈ আহিছিল৷ তদুপৰি ব্রাজিলতো অনুৰূপ ধৰণৰ ঘটনা ধৰা পৰিছিল৷
ইফালে, ক্রমাৎ ৰাজ্যত হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিডৰ সংক্রমণ৷ সোমবাৰে ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ১,৭৯৭জন লোক৷ আক্রান্তৰ হাৰ হৈছে ১.১৮ শতাংশ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,৫২,৭৭১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৩৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলঘাটত ২৩০জন, ডিব্রুগড়ত ১১৫জন আৰু যোৰহাটত ১১৩জন আক্রান্ত হৈছে৷ আজি ক’ভিডত মৃত্যু হৈছে ২০জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক চাৰিজনকৈ লোক গোলাঘাট আৰু শোণিতপুৰ জিলাৰ৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ২,১৩৮জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬,১০৭জন৷ ইপিনে, ক’ভিডৰ সংক্রমণ উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত আজি এক বিশেষ নির্দেশনা প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ যাৰ বাবে বিমান অথবা ৰে’লেৰে অহা উত্তৰ–পূর্বাঞ্চলৰ যাত্রীসকলে অসমত ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷