নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্মিজ চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক গ্রেপ্তাৰ

গোলাঘাটত নিশা বঙাইগাঁও আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ বঙাইগাঁও আৰক্ষীয়ে বার্মিজ চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক গ্রেপ্তাৰ কৰিছে৷ গোলাঘাট জিলাৰ আধাৰসত্রৰ নিজ বাসভৱনৰ পৰা কঁহৰা আৰক্ষী চকীলৈ আব্দুল হান্নানক কালি নিশা মাতি আনি আটক কৰাৰ পিছত বঙাইগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ বঙাইগাঁও থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে নিশাৰ অভিযানৰ অন্তত আব্দুল হান্নানক আজি বঙাইগাঁৱলৈ আনে৷ বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছত স্থানীয় অসামৰিক চিকিৎসালয়ত আব্দুল হান্নানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪১৩/৪২০/৪৬৮/৪৭১নং ধাৰাৰ অধীনত বঙাইগাঁও থানাৰ ৪৬০/২১ নং গোচৰৰ ভিত্তিত আব্দুল হান্নানক গ্রেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে আব্দুল হান্নানক বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক সম্প্রতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক হিচাপে স্বপ্ণনীল ডেকাই যোগদান কৰাৰ পিছতে বার্মিজ চুপাৰিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল৷ বঙাইগাঁও থানাৰ অন্তর্গত চৌৰাগুৰি, গৰাইমাৰী আদি অঞ্চলত দীর্ঘদিনে চলি থকা বার্মিজ চুপাৰিৰ অবৈধ ঘাটিসমূহত অভিযান চলাই বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছিল৷

এই সংক্রান্তত আৰক্ষীয়ে তদন্ত চলাই বার্মিজ চুপাৰি চক্রটোৰ মাষ্টাৰ মাইণ্ডৰূপে গোলাঘাটৰ আব্দুল হান্নান জড়িত থকাৰ তথ্য পোহৰলৈ আহে৷ ম্যানমাৰৰ পৰা অসমলৈ অবৈধ চুপাৰি সৰবৰাহৰ ক্ষেত্রত আব্দুল হান্নানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ তথ্য তদন্তকালত লাভ কৰিছিল বুলি আৰক্ষী সূত্রত প্রকাশ৷বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাৰ নির্দেশ মর্মে আৰক্ষীয়ে বার্মিজ চুপাৰি ছিণ্ডিকেট চক্রটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ বঙাইগাঁও আৰু চিৰাং জিলাত বার্মিজ চুপাৰিৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছিল৷ অবৈধ বার্মিজ চুপাৰিসমূহ ৰাজহ ফাঁকিৰে অনাৰ পিছত দুয়োখন জিলাত বহু অবৈধ ঘাটি স্থাপন কৰি বৃহৎ বজাৰ চলাই আছিল৷ এই ঘাটিসমূহতে বার্মিজ চুপাৰিসমূহত ৰং মিহলি কৰি থলুৱা চুপাৰি হিচাপে পশ্চিমবংগকে ধৰি দেশৰ ভিন্ন প্রান্তলৈ চালান দি আহিছিল৷ দুই জিলাক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি বার্মিজ চুপাৰি ছিণ্ডিকেট চক্রই এই অবৈধ ব্যৱসায় চলাই আহিছিল৷ শেহতীয়াভাৱে বার্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাত ন ন তথ্য উন্মোচিত হৈছে৷ চুপাৰি মাফিয়া আব্দুল হান্নানৰ গ্রেপ্তাৰৰ পিছত এই ছিণ্ডিকেট চক্রৰে জড়িত একাংশৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
ম্যানমাৰৰ চুপাৰিক মণিপুৰত উৎপাদিত সজাই আন্তঃৰাষ্ট্রীয় আইনক ভেঙুচালি
গোলাঘাট আৰক্ষীয়ে আব্দুল হান্নানক গ্রেপ্তাৰ কৰা সন্দর্ভত কোনো মন্তব্য প্রকাশ কৰা নাই যদিও বঙাইগাঁও আৰক্ষীয়ে পূর্বে ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিতে নিজ জিম্মাত লোৱা বুলি এক সূত্রৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে ম্যানমাৰৰ পৰা চুপাৰি ক্রয় কৰি মণিপুৰৰ চুপাৰি বুলি কাগজে–পত্রে দেখুৱাই দীর্ঘদিন ধৰি আব্দুল হান্নানে ব্যৱসায় চলাই আহিছিল৷ কিন্তু বিগত সময়ছোৱাত ইয়াৰ কোনো উচ্চ পর্যায়ৰ তদন্ত নহ’ল৷ উত্তৰ–পূর্বাঞ্চলৰ সর্বাধিক আয়কৰ প্রদান কৰা আব্দুল হান্নান কেৱল চুপাৰি ব্যৱসায়ৰ লগতে জড়িত নে আন চোৰাং ব্যৱসায়ৰ লগতো জড়িত, তাক লৈ বহুতে সন্দেহ প্রকাশ কৰি আহিছে৷ শেহতীয়াকৈ বঙাইগাঁও আৰক্ষীয়ে ৰুজু কৰা গোচৰে বিষয়টোক কার্যতঃ নতুন মাত্রা প্রদান কৰিছে৷

কিয়নো সততে দান–দক্ষিণাৰে বিশিষ্ট সমাজসেৱকৰ শাৰী পূৰোৱা আব্দুল হান্নানে নিজ গৃহৰ সমীপতে কেইবাকোটি টকা খৰচ কৰি এটা প্রকাণ্ড মছজিদ নির্মাণ কৰি থকাৰ উপৰি এখন চিকিৎসালয়, এখন অত্যাধুনিক বিদ্যালয় আদিৰ উপৰি আগৰ (সাঁচি) ব্যৱসায়ৰ লগতো নিজকে জড়িত কৰি ৰাখিছিল৷ কেইটামান বছৰৰ ব্যৱধানতে অগাধ সম্পত্তিৰ গৰাকী হোৱা আব্দুল হান্নানে বার্মিজ চুপাৰিৰ লগত অবৈধ সামগ্রী সৰবৰাহৰ অভিযোগ তুলিছিল কৃষক নেতা তথা বর্তমানৰ বিধায়ক অখিল গগৈয়ে৷ অখিল গগৈৰ অভিযোগৰ ভিত্তিত সেই সময়ত তিনিখনকৈ চুপাৰিভর্তি ট্রাক জব্দ কৰা হৈছিল যদিও চুপাৰিভর্তি ট্রাকৰ পৰা বস্তা নমাই কোনো এখন গাড়ীতে তালাচী চলোৱা পৰিলক্ষিত নহ’ল৷ সেই সময়ৰ গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্র দেৱৰয়ৰ কৃপাত সকলো গাড়ী পিছলৈ মুকলি কৰি দিয়া হ’ল৷ আব্দুল হান্নানৰ ঘৰত মুখ্যমন্ত্রীৰ ভিজিলেঞ্চেও অভিযান চলাইছিল যদিও কাগজ–পত্র সঠিক থকা বাবে চুপাৰি মাফিয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নোৱাৰিলে৷

You might also like