নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীঅৰবিন্দৰ বিশেষ বক্তৃতানুষ্ঠানলৈ আমন্ত্রণ দিগন্ত বিশ্ব শর্মাক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ দার্শনিক তথা আধ্যাত্মিক গুৰু শ্রীৰবিন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে তেওঁৰ দর্শনৰ ওপৰত এক বিদ্যায়তনিক বক্তৃতামালাৰ আয়োজন কৰিছে৷ ভাৰতীয় সংস্কৃতি, ভাৰতীয় জাতীয়তাবাদ, ভাৰতীয় সাহিত্য তথা মানৱ জীৱনৰ ওপৰত শ্রীঅৰবিন্দৰ দর্শন সন্দর্ভত হ’ব লগা এই বক্তৃতানুষ্ঠানত মুখ্য বক্তা ৰূপে ভাষণ দিব সাহিত্যিক, অনুবাদক দিগন্ত বিশ্ব শর্মাই৷

এই উদ্দেশ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে দিগন্ত বিশ্ব শর্মাক উক্ত বক্তৃতা প্রদানৰ বাবে আনুষ্ঠানিকভাৱে মনোনীত কৰিছে৷ বিশ্ববিদ্যালয়খনে অনুষ্ঠানটোৰ বাবে পঞ্জীয়ক ড০ অৰূপজ্যোতি চৌধুৰীক অধ্যক্ষ ৰূপে লৈ গঠন কৰিছে এখন কমিটী৷ উক্ত কমিটীত উপদেষ্টা ৰূপে আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য কন্দর্প দাস, নেহৰুগ্রাম ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচার্য ৰামমোহন পাছক আৰু হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অমলেন্দু চক্রৱর্তী৷

আনহাতে কমিটীখনত সদস্য ৰূপে আছে ড০ সংগীতা গগৈ, ড০ শিখামণি কোঁৱৰ, দিগন্ত বিশ্ব শর্মা, ড০ দিব্যজ্যোতি মহন্ত, ড০ দীপক কলিতা, ড০ এন এন শর্মা, ড০ বিপুল দাস, ড০ প্রসেনজিৎ দাস, ড০ কান্ত চক্রৱর্তী আৰু জ্যোতি খাটনিয়াৰ৷ কমিটীত আহ্বায়ক ৰূপে আছে ড০ গৌতম শর্মা৷

You might also like