নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সালসলনিকৈ বিশ্রাম দিয়া হ’ব বুমৰাহ, ছামিক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ চাৰিখন মেচৰ টেষ্ট শৃংখলাৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিক সমাগত এদিনীয়া আৰু টি–২০ শৃংখলাত সালসলনিকৈ বিশ্রাম দিয়া হ’ব৷ দুয়োগৰাকী বেগী বলাৰ টেষ্ট শৃংখলালৈ যাতে সম্পূর্ণ সুস্থ হৈ থাকে, তাৰ প্রতি লক্ষ্য ৰাখি মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী, অধিনায়ক বিৰাট কোহলি আৰু বলিং প্রশিক্ষক ভৰত অৰুণে এই পৰিকল্পনা যুগুত কৰিছে৷ উল্লেখ্য যে ভাৰতে অহা ২৭ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত অষ্ট্রেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচ খেলিব৷

You might also like