নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত এমাহতে চাকৰি হেৰুৱালে ১৮ লাখে

দেশৰ কর্মচাৰী ভৱিষ্যনিধি সংগঠনৰ প্রতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিধ্বস্ত কৰা অর্থনীতি ঠন ধৰি উঠিব পৰা নাই৷ লকডাউনৰ পৰিপ্রেক্ষিতত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বেচৰকাৰী উদ্যোগ–প্রতিষ্ঠানে পূর্বৰ স্থিতিলৈ অহাৰ চেষ্টা চলাই আছে যদিও কার্যতঃ সফল হ’ব পৰা নাই৷ এই উদ্বেগজনক প্রতিচ্ছবি প্রতিফলিত হৈছে ইপিএফ’ত৷ অক্টোবৰত অভাৱনীয় হাৰত হ্রাস পালে কর্মচাৰী ভৱিষ্যনিধি সংগঠন Employees Provident Fund Organisation চমুকৈ ইপিএফঅ’ৰ পঞ্জীয়নভুক্ত প্রতিষ্ঠানৰ সংখ্যা।

ছেপ্টেম্বৰত ইপিএফঅ’ত পঞ্জীভুক্ত প্রতিষ্ঠান ৫,৩৪,৮৬৯ আছিল যদিও অক্টোবৰত ইয়াৰ সংখ্যা হ্রাস পাই ৫,০৪,০৪৪ হৈছে৷ অর্থাৎ এমাহতে ৩০,৮০০ প্রতিষ্ঠান হ্রাস পালে৷ প্রত্যক্ষভাৱে প্রকাশ কৰিলে অক্টোবৰ মাহত ৩০,৮০০ প্রতিষ্ঠান বন্ধ হ’ল৷ ইপিএফ’ৰ চৰকাৰী তথ্য মতে অক্টোবৰ মাহত ৩০ সহস্রাধিক প্রতিষ্ঠান বন্ধ হোৱাৰ বিপৰীতে ১৮ লাখ সদস্যও হ্রাস পাইছে৷ অক্টোবৰত নিবনুৱাৰ হাৰ ছেপ্টেম্বৰতকৈ কিছু বৃদ্ধি হৈ ৭ শতাংশ হৈছে৷ ছেপ্টেম্বৰতত নিবনুৱাৰ হাৰ আছিল ৬.৭ শতাংশ আৰু অক্টোবৰত হৈছে ৭ শতাংশ৷

লক্ষণীয় যে ছেপ্টেম্বৰতত ইপিএফঅ’ৰ পঞ্জীয়নভুক্ত প্রতিষ্ঠানৰ পৰা ৪৭.৬৮ নিযুত সদস্যই অৱসৰ নিধিলৈ বৰঙণি আগবঢ়াইছিল৷ কিন্তু অক্টোবৰত এই সংখ্যা ৪৫.৮২লৈ হ্রাস পালে৷ প্রতিবেদন মতে, ইপিএফঅ’ পঞ্জীয়নভুক্ত প্রতিষ্ঠান হ্রাস পোৱাই নহয় ইয়াৰ কর্মচাৰীৰ সদস্য হ্রাস পাইছে৷

অক্টোবৰত ১৮ লাখ সদস্যৰ বৰঙণি পেন্সন নিধিত জমা হোৱা নাই৷ এই তথ্যই প্রমাণিত কৰে যে অক্টোবৰত ১৮ লাখ লোকে সংস্থাপন হেৰুৱাইছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, লকডাউনৰ সময়ত এপ্রিলত ইপিএফঅ’ পঞ্জীয়নভুক্ত প্রতিষ্ঠান হ্রাস পাইছিল যদিও ছেপ্টেম্বৰলৈ কিছু বৃদ্ধি পাইছিল৷ কিন্তু তাৎপর্যপূর্ণভাৱে অক্টোবৰত ই পুনৰ হ্রাস পালে৷ দেশৰ অর্থনীতি বিপর্যস্ত হোৱাৰ সমান্তৰালকৈ বৃহত্তম চাহিদাৰ নাটনিৰ বাবেই ইপিএফঅ’ পঞ্জীয়নভুক্ত প্রতিষ্ঠানত নেতিবাচক প্রভাৱ পৰিছে৷

আনপিনে, অর্থনীতিৰ ওপৰত প্রচণ্ড হেঁচা পৰাৰ পৰিপ্রেক্ষিতত ছেপ্টেম্বৰৰ তুলনাত অক্টোবৰত সংস্থাপনৰ হাৰো হ্রাস পাইছে৷ ছেপ্ঢেম্বৰত ৩৮ শতাংশ সংস্থাপনৰ হাৰ থকাৰ বিপৰীতে অক্টোবৰত নিম্নগামী হৈ ৩৭.৮ শতাংশ হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে এপ্রিলত ১২১ নিযুত লোকে চাকৰি হেৰুৱাইছিল যদিও মে’, জুন, জুলাইত পুনৰ ১১০ নিযুত লোকে সংস্থাপন লাভ কৰিছিল৷

আগষ্ট আৰু ছেপ্টেম্বৰত মাত্র ৫ নিযুত লোক সংস্থাপনত যুক্ত হৈছিল৷ কিন্তু অক্টোবৰত পুনৰ সংস্থাপন হ্রাস পালে৷ সংস্থাপন পুনৰুদ্ধাৰ প্রক্রিয়া চলি থকাৰ মাজতে অক্টোবৰ হৈছে প্রথম মাহ যিটো মাহত সংস্থাপন হ্রাস পাইছে৷

You might also like