নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ অসমৰ যুৱক সন্ধানহীন হোৱা ঘটনা এতিয়া নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে। ইজনৰ পিছত সিজন অসমৰ যুৱক বহিৰাজ্যত নিৰুদ্দেশ হবলৈ ধৰিছে। পুনৰ টিংখাঙৰ এজন ব্যক্তি ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে টিংখাঙৰ শিমলুগুৰী গাঁৱত। প্ৰায়ে ১৩ বছৰ পূৰ্বে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ কেৰেলাৰ কানজাৰাপালিত কৰ্মৰত হৈ আছিল টিংখাঙৰ শিমলুগুৰি গাঁৱৰ দিগন্ত খনিকৰ (৪১) নামৰ লোকজন। দুবছৰৰ আগতেই শেষবাৰৰ বাবে ঘৰলৈ আহিছিল দিগন্ত খনিকৰ। কিন্তু যোৱা ২৮ ডিচেম্বৰৰ পৰা ৰহস্যজনকভাৱে দিগন্ত খনিকৰ নামৰ লোকজন সন্ধানহীন হৈ আছে। কৰ্মস্থলীত একে লগতে থকা বন্ধুৱে ফোন যোগে দিগন্তৰ সন্ধানহীন ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। দেওবাৰে সন্ধিয়া শেষৰ বাৰৰ বাবে পত্নী সৈতে কথা পাতিছিল দিগন্তই। তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে বুলি জানিব দিয়ে দিগন্ত খনিকৰৰ পত্নী তথা পৰিয়ালৰ লোকে। এতিয়া পত্নী আৰু ১৭ বছৰীয়া পুত্ৰই পিতৃ দিগন্ত খনিকৰ ঘৰলৈ ঘূৰি অহালৈ গভীৰ অপেক্ষাত বাট চাই আছে। উল্লেখ্য যে কেৰেলাৰ কানজাৰাপালিত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল দিগন্ত খনিকৰে। ইতিমধ্যে পৰিয়ালৰ লোকে দিগন্তৰ সন্ধানহীন সন্দৰ্ভত টিংখাং থানাত দাখিল কৰিছে এজাহাৰ। যদি কোনো ব্যক্তিয়ে দিগন্ত খনিকৰৰ সন্ধান পায় তেন্তে 9613472359 আৰু 9101598900 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
প্ৰেৰক কৃষ্ণ গগৈ