অইলৰ চি এছ আৰ প্ৰকল্প বসুন্ধৰাৰ অধীনত ডিগবৈত অইলৰ বিশাল গছ ৰোপণ অভিযানৰ মুকলি
নিয়মীয়া বাৰ্তা, ১১ জুনঃ ভাৰত চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ অভিযানৰ আন এক অংশ হিচাপে অইল ইণ্ডিয়া লিমিটেডে অইল বসুন্ধৰাৰ অধীনত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ বগাপানীত ২৫০০ টা গছপুলি ৰোপণৰ বিশাল কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই উপলক্ষে আজিৰ দিনটোত উজনি দিহিং সংৰক্ষিত বনাঞ্চলৰ (পশ্চিম ব্লক) লক্ষীপথাৰ পৰিসৰৰ অন্তৰ্গত অৱক্ষয়প্ৰাপ্ত বনভূমিৰ পৰিৱেশ পুনৰুদ্ধাৰৰ দিশত অইলৰ চি এছ আৰ পদক্ষেপ অনুসৰি ‘কাৰ্বন নিষ্কাশন আৰু পৰিৱেশ-পুনৰুদ্ধাৰ প্ৰকল্প’ ৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত অইলৰ সেউজ দূত পদ্মশ্ৰী ড০ যাদৱ পায়েঙকে প্ৰমুখ্যে কৰি ডিগবৈ বন সংমণ্ডলৰ বিষয়া তথা ভাৰতীয় বন সেৱাৰ টি. চি. ৰঞ্জিঠ ৰাম, অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতি, তিনিচুকীয়া জিলা পৰিষদৰ ৰাজেন কৈৰী, আই অ’ চি এল ডিগবৈ ৰিফাইনেৰীৰ মুখ্য মহা প্ৰৱন্ধক কে কে শৰ্মা উপৰি অইল, বন বিভাগ, জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকল আৰু স্থানীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । এই অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নৱ প্ৰজন্মক ড০ পায়েঙৰ জীৱন সম্পৰ্কে আৰু তেওঁৰ গছ-গছনিৰ প্ৰতিপালন আৰু বনাঞ্চল সংৰক্ষণৰ সেউজ অভিযানৰ পৰা প্ৰেৰণা আহৰণ কৰিবলৈ আহ্বান জনায় । তেওঁ উজনি দিহিং সংৰক্ষিত বনাঞ্চল (পশ্চিম ব্লক)ৰ অধীনৰ ১০০ হেক্টৰ অৱক্ষয়প্ৰাপ্ত বনাঞ্চলত ২.৫ লাখ বন গছৰ পুলি ৰোপণৰ এই অভিলাষী প্ৰকল্পৰ অইলৰ যি প্ৰচেষ্টা তাৰ শলাগ লয়। ইফালে সেউজ দূত হিচাপে অইলৰ সৈতে জড়িত হৈ থকা ড০ পায়েঙেও অইলে আৰম্ভ কৰা গছপুলি ৰোপণ অভিযানৰ মহান পদক্ষেপক প্ৰশংসা কৰে আৰু সেউজ আৱৰণ বৃদ্ধিৰ দিশত বনাঞ্চলকৰণৰ এই বিশাল আন্দোলনত আনকো অনুসৰণ আৰু যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় । সেইদৰে অনুষ্ঠানটিত উপস্থিত থকা অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে নিজ ভাষণত কয় যে– ডিগবৈত উত্তৰ-পূব ভাৰতৰ অন্যতম সুন্দৰ সেউজীয়া বনাঞ্চল আছে আৰু ডিগবৈৰ জনসাধাৰণৰ সৈতে অইলৰ সম্পৰ্ক শ বছৰতকৈও পুৰণি । গতিকে এই প্ৰকল্প ৰূপায়ণত প্ৰদান কৰা সহায় সহযোগিতাৰ বাবে তেখেতে ডিগবৈ বন বিভাগক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক কৃষ্ণা গগৈ