নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰঃ তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বার্তা ব্যুৰ’, ১১ জুনঃ তেজপুৰৰ লিচুৰ সোৱাদ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিদেশৰ বজাৰত তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰাৰ সময়তে সুদূৰ লণ্ডনলৈ তেজপুৰৰ লিচু ৰপ্তানিৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্রীয়ে৷ ২০১৫ চনতে জি আই টেগ লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ মুম্বায়া, ইলাচী, বাদামী, দেশী, বিলাতী ইত্যাদি বিভিন্ন প্রজাতিৰ লিচুৱে ইতিমধ্যে দেশে–বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ শ্বাহি প্রজাতিৰ ৬০০ কেজি আৰু বুম্বায়া প্রজাতিৰ ১০০ কেজি অর্থাৎ ২৭০০০ টা লিচু প্রেৰণ কৰা হয়৷ ৰপ্তানিৰ এই সমগ্র প্রক্রিয়াটোৰ সৈতে জড়িত হৈ আছে কে আই ই জি এ এগজিম্চ নামৰ প্রতিষ্ঠানটোৰ লগতে নাবার্ড, এপিডা, এপার্ট, অসম কৃষি বিশ্ববিদ্যালয়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্র তেজপুৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম চৰকাৰৰ কৃষি বিভাগ আৰু শোণিতপুৰ জিলা প্রশাসন৷ প্রণিধানযোগ্য যে, ১৯২৪ চনত তদানীন্তন তেজপুৰ পৌৰপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই চহৰখনত ৰোপণ কৰিছিল কেইটামান উন্নতজাতৰ বিশেষ লিচু পুলি৷ সেই লিচুৱে এতিয়া তেজপুৰৰ বাবে হৈ পৰিল গৌৰৱৰ কাৰণ৷ তেজপুৰ পৰোৱা, হাৰিগাঁও, কলিবাৰী, পল্টন পুখুৰীকে ধৰি বিভিন্ন স্থানত ৰঙীন সুমিষ্ট লিচুৰে ভৰি পৰে এই সময়ছোৱাত৷ কিন্তু বাণিজ্যিক ব্যৱস্থা আৰু পৰিকল্পিতভাৱে লিচু খেতি কৰাৰ বাবে সহযোগিতাৰ অভাৱৰ বাবেই তেজপুৰৰ লিচুৱে বাণিজ্যিকভাৱে সফল হ’ব পৰা নাছিল৷ শেহতীয়াকৈ এশৰো অধিক খেতিয়ক আগবাঢ়ি আহিছে লিচু খেতি কৰিবলৈ৷ এনে একাংশ খেতিয়কক লৈ গঠন কৰা হৈছে এক অগ্নিগড় ফামার্চ প্রডিডচাৰ কোম্পানী৷

You might also like