নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বানৰ পিছত…

বানে ধোৱা অসমত বান নতুন কথা নহয়৷ যুগ যুগান্তৰৰ পৰাই বাৰিষাৰ বানে বিধ্বস্ত কৰি আহিছে অসমক৷ অপূৰণীয় ক্ষতি হৈছে মানৱ সম্পদৰ৷ অপূৰণীয় ক্ষতি হৈছে কৃষিক্ষেত্রৰ৷ প্রায় প্রতি বছৰেই উজনিৰ পৰা নামনিলৈ বিস্তৰ ক্ষতি কৰে বলিয়া বানে৷ চৰকাৰে লোৱা বিভিন্ন আঁচনি অথবা মাটিৰ মথাউৰিয়েও এই বানক কাহানিও ভেটা দি ৰাখিব পৰা নাই৷ বছৰৰ পিছত বছৰ একেদৰেই অসমৰ বাসিন্দাসকলক ঘোটে ঘোটে পানী খুৱাই আহিছে বানপানীয়ে৷ কিন্তু পূর্বৰ বছৰবোৰৰ অভিজ্ঞতাৰ দৰে এইবাৰৰ উজনিৰ বান একে নহয়৷ উজনিৰ তিনিখন জিলা চৰাইদেউ–শিৱসাগৰ আৰু যোৰহাটত অকস্মাতে অহা বানে প্রকৃতার্থতে জলপ্রলয়ৰ সৃষ্টি কৰিছে৷ এই সংহাৰী জলপ্রলয়ত মানুহ অসহায় হৈ পৰিছে৷ অসহায় হৈ পৰিছে চৰকাৰো৷ কিয়নো এই বান বৰষুণসৃষ্ট বান নাছিল৷ এই বান আহিছিল সীমামূৰীয়া ৰাজ্য নাগালেণ্ডত সৃষ্টি হোৱা অভূতপূর্ব–অভাৱনীয় বৰষুণৰ পৰা৷ যি বানৰ বাবে না চৰকাৰ না সাধাৰণ মানুহ সামান্যতমো সাজু নাছিল৷ যাৰ বাবে বিগত ৫টা দিনত এই তিনিখন জিলাত অকল্পনীয় ক্ষয়–ক্ষতি প্রত্যক্ষ কৰিবলগীয়া হৈছে ৰাজ্যখনৰ বাসিন্দাই৷ মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে ভৰিৰ সৰুগাঁঠি বুৰ যোৱা পানী বাঢ়ি গৈ ঘৰৰ মূধচ পাইছিলগৈ৷ লক্ষ লক্ষ বন্যার্তই নিজে পিন্ধি থকা কাপোৰসাজ আৰু অলংকাৰ–ধনখিনিৰ বাহিৰে একো এটাই বলিয়া বানৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাছিল৷ চৰকাৰীভাৱে এতিয়ালৈকে বানত ৪৭জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে যদিও এই বানে শতাধিক লোকৰ প্রাণ কাঢ়ি নিয়াটো নিশ্চিতপ্রায়৷ এতিয়াও চৰাইদেউ–নাজিৰা আদি অঞ্চলত বহু মানুহ নিখোজ হৈ আছে৷ পানী ক্রমান্বয়ে শুকুওৱাৰ পিছত য’তে–ত’তে ওলাইছে মৃতদেহ৷ বহু ঠাইত পানীত ওপঙি ৰৈছে শৱদেহ৷ প্রায় ৩০–৩৫ হাজাৰ পশুধনৰ মৃত্যু হৈছে৷ ২৫ হাজাৰ হেক্টৰ খেতিপথাৰ বহু বছৰলৈ ধ্বংস হৈ গৈছে৷ এই চৰকাৰী হিচাপৰ বিপৰীতে সহজে অনুমেয় প্রকৃত ক্ষয়–ক্ষতি কি ব্যাপক পৰিমাণৰ হ’বগৈ৷
কেইটামান দিন পিছত এই প্রাকৃতিক বিপর্যয় শাম কাটি উঠিব৷ ক্রমশঃ উভতি আহিব স্বাভাৱিক জীৱন৷ কিন্তু এই অকল্পনীয় বানত সর্বস্ব হেৰুওৱা লক্ষ লক্ষজনে সঁচাকৈয়ে জানো ওভতাই পাব তেওঁলোকৰ স্বাভাৱিক জীৱন! মানৱ সম্পদৰ লগতে যি পৰিমাণৰ ঘৰ–পথাৰ–আচবাব–পত্ৰৰ ক্ষতি হ’ল, সেই ক্ষতি সহজে পূৰণ কৰা সম্ভৱ হোৱাটো কঠিন৷ এতিয়াও প্রায় ২০ শতাংশ বানাক্রান্ত অঞ্চলত চৰকাৰী সাহায্য গৈয়ে পোৱা নাই৷ ৫–৬টা দিন পিছতো চৰকাৰী সাহায্য এক বিশাল অংশত গৈ নোপোৱাটোৱে প্রমাণ কৰে কি অকল্পনীয় ধ্বংসলীলাৰ সন্মুখীন হ’বলগীয়া হৈছে সংশ্লিষ্ট জিলা তিনিখনৰ বাসিন্দা৷ এতিয়া প্রাথমিক কর্তব্যই হ’ব সকলো ৰাজনীতিৰ পৰা আঁতৰি থাকি, সকলো বাদ–বিবাদৰ পৰা আঁতৰি থাকি, সকলো অংক একাষৰীয়াকৈ ৰাখি অসহায় বন্যার্তৰ স্বাভাৱিক জীৱন ওভতাই পোৱাৰ বাবে পর্যাপ্ত সহায় কৰা৷ চৰকাৰে লোৱা দ্রুত ব্যৱস্থা আৰু তৎপৰতাক যথোচিত সহায়–সহযোগ কৰা৷ কেইটামান দিনৰ বাবে কি কাৰণত আৰু কাৰ দোষত এই প্রলয়ংকৰী জলপ্রলয়ৰ সৃষ্টি হ’ল, সেই বিবাদ আঁতৰাই ৰাখি ৰাজ্যখনৰ সমূহ বাসিন্দাই যিয়ে যেনেকৈ পাৰে আর্তজনৰ কাষত থিয় হওক৷ বাকী দোষ–ত্রুটিৰ হিচাপ–নিকাচ কৰিবলৈ আমি পর্যাপ্ত সময় পাম৷ আমি মনত ৰখা উচিত হ’ব যে বানবিধ্বস্ত অঞ্চলসমূহত আচল যুঁজখন আৰম্ভ হ’ব পানী শুকুওৱাৰ পিছতহে৷ ঘৰ–ভেটিৰ চিন–ছাপ নোহোৱা হৈ যোৱা পৰিয়ালসমূহৰ একোখন ঘৰ ওভতাই দিয়া, বুকু শুদা কৰি চিৰদিনলৈ গুচি যোৱাসকলৰ পৰিয়ালসমূহৰ ওচৰত কেৱল সান্ত্বনা নহয়, এক শক্তি হিচাপে থিয় দিয়াটোৱে হ’ব ৰাজ্যবাসীৰ বাবে প্রকৃত পৰীক্ষা৷ বান শুকুওৱাৰ পিছত এই অঞ্চলসমূহত দেখা দিব পৰা বিভিন্ন ৰোগ–ব্যাধিৰ পৰা বাসিন্দাসকলক নিৰাপদে ৰাখিব পৰাটোৱে হ’ব আন এটা প্রত্যাহ্বান৷ সমূহ ৰাজ্যবাসীয়ে একগোট হৈ জীৱনৰ সর্বস্ব হেৰুওৱা অসহায় লোকসকলৰ কাষত থিয় হ’ব পাৰিব লাগিব৷

You might also like