নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিদ্যালয়সমূহ সভ্যতা–সংস্কৃতিৰ প্রাণকেন্দ্র হওক

দিখৌমুখ–নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আলোচনা–চক্রত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ বর্তমানৰ প্রচলিত আধুনিক শিক্ষাই মানুহক কেৱল বাহ্যিকভাৱেহে নির্ভৰশীল কৰি তুলিছে৷ প্রকৃতার্থত আন্তঃজীৱনৰ লগত বহিঃজীৱনৰ সমন্বয় ঘটাই বাস্তৱিকতে আত্মনির্ভৰশীল কৰি তোলাত আজিৰ শিক্ষা ব্যৱস্থা সম্পূর্ণৰূপে বিফল হৈছে৷ এইক্ষেত্রত ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনক পূর্ণাংগতা প্রদান কৰা মহাবিদ্যালয়সমূহ আমাৰ সভ্যতা সংস্কৃতিৰ প্রাণকেন্দ্র হোৱা উচিত৷ তেতিয়াহে এগৰাকী ছাত্র বা ছাত্রীয়ে মহাবিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত হোৱাৰ সমানুপাতিকভাৱে নিজৰ ব্যক্তিত্ব সঠিক ৰূপত বিকাশ আৰু গঠন কৰিব পাৰিব৷’

সোমবাৰে দিখৌমুখ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ কেৰিয়াৰ পৰামর্শ কোষ আৰু আই কিউ এ চিৰ উদ্যোগত অনুষ্ঠিত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্ব বিকাশ’ শীর্ষক বিষয়ৰ বত্তৃণতানুষ্ঠানত বত্তৃণতা প্রদান কৰি বিশিষ্ট চিন্তাবিদ, লেখক–নুবাদক, অৰবিন্দ অনুৰাগী পণ্ডিত–প্রবৰ দিগন্ত বিশ্ব শর্মাই এইদৰে তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰে৷ লগতে নিজকে এজন সভ্যতাৰ অক্লান্ত কর্মী ৰূপে পৰিচয় দি সুখী হওঁ বুলি উল্লেখ কৰি শ্রীৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু ঋষি অৰবিন্দৰ প্রভাৱে তেওঁৰ জীৱনত বিশেষ ভূমিকা পালন কৰা বুলি উল্লেখ কৰা সুবক্তা শর্মাই জীৱন আৰু ইয়াৰ সীমাহীন বিশাল পৰিধিৰ উত্তৰ পাবলৈ আন্তঃজীৱন আৰু বহিঃজীৱনৰ সু–সমন্বয় সাধন হ’ব লাগিব বুলি মন্তব্য কৰে৷ এইক্ষেত্রত তেওঁ স্বামী অৰবিন্দ আৰু স্বামী বিবেকানন্দৰ জীৱন শৈলীৰে ছাত্র–ছাত্রীসকলেও নিজৰ জীৱন দর্শন গঢ়ি তোলা তথা ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠানত এক তত্ত্বগধুৰ মনোগ্রাহী বক্তব্য প্রদান কৰে৷ মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ৰমেন কলিতাই আঁত ধৰা আৰু ড০ প্রতিম শর্মাই উদ্দেশ্য ব্যাখ্যা দাঙি ধৰা বত্তৃণতা অনুষ্ঠানটোত আদৰণী অভিভাষণ প্রদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ বৰুৱাই৷

আনহাতে এটি শুভেচ্ছামূলক বক্তব্যৰে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শিক্ষাবিদ বিপুল বৰকটকীয়ে৷ অনুষ্ঠানৰ অন্তত সহকাৰী অধ্যাপক ড০ প্রাঞ্জল বডাই বক্তা শর্মাৰ লগতে সংশ্লিষ্ট সকলো পক্ষলৈ শলাগ জনাই শলাগৰ শৰাই আগবঢ়ায়৷ ইফালে ‘ভাৰতবর্ষত প্রথম স্বৰাজৰ দাবী কৰোঁতাজন হ’ল শ্রীৰবিন্দ৷’– শিৱসাগৰ জিলাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আজি ‘শিক্ষাৰ ধাৰণাঃ শ্রীৰবিন্দৰ পৰা ৰাষ্ট্রসংঘলৈ’ শীর্ষক এক বত্তৃণতানুষ্ঠানত অংশগ্রহণ কৰি এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায় সুবক্তা, শ্রীৰামকৃষ্ণ শ্রীৰবিন্দ অনুৰাগী আৰু অনুবাদক দিগন্ত বিশ্ব শর্মাই৷ তেওঁ শ্রীৰবিন্দ আৰু স্বামী বিবেকানন্দৰ দর্শন আৰু জীৱন, জগত আৰু শিক্ষা সম্বন্ধীয় বিভিন্ন ব্যাখ্যা আৰু উপনিষদৰ বিভিন্ন উদ্ধৃতিৰে তত্ত্বগধুৰ বিশ্লেষণ আগবঢ়ায়৷

ভাষণ প্রসংগত তেওঁ কয়– আত্মাৰ উপলব্ধি অবিহনে শক্তিৰ বিকাশ অসম্ভৱ৷ বিবেকানন্দই শিক্ষাৰ মূল উদ্দেশ্যক ছটা শব্দৰে বুজাব বিচাৰিছে–Culture, Character, Concentration, Spiritual, Science আৰুService৷ ৰাষ্ট্রসংঘৰ মতে, শিক্ষা বিজ্ঞানৰ মূল লক্ষ্য হৈছে একাগ্র হোৱাটো৷ এনেদৰে বক্তাগৰাকীয়ে জীৱন, জগত আৰু শিক্ষা সম্পর্কীয় গভীৰ দার্শনিক বিশ্লেষণেৰে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়৷ সভাখনৰ শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্রুৱজ্যোতি নাথে৷ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ বিমান চন্দ্রবৰাই আঁত ধৰা সভাখনত বিশিষ্ট বক্তাগৰাকীক সম্বর্ধনা জনায় মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ নীলাক্ষি ফুকন বৰগোহঁাই আৰু অর্থনীতি বিভাগৰ সহযোগী অধ্যাপক চৈয়দ আব্দুৰ ৰহমানে৷ নামতিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক, মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক চেহিদা খাতুন, শিক্ষক গোটৰ সম্পাদক ড০ উমাকান্ত হাজৰিকা, মহিলা কোষৰ আহ্বায়ক ড০ মৌচুমী ৰেখা খাউণ্ড, গণিত বিভাগৰ অচ্যুত বৰা, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক বিনীতা তামুলীকে প্রমুখ্য কৰি গৰিষ্ঠসংখ্যক শিক্ষক আৰু শতাধিক ছাত্র–ছাত্রী উপস্থিত থাকে৷

You might also like