নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰম্পৰাগত সাজপাৰ পিন্ধি ভোট দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ নিজৰ ভোটাধিকাৰ সাব্যস্ত  কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজৰে ভোট দান কৰে মন্ত্ৰী গৰাকীয়ে। জালুকবাৰী সমষ্টিৰ আমিনগাঁওত  ভোটদান কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে  তৃতীয় পৰ্যায় ভোটত ২২ খন আসন লাভ কৰিব মিত্ৰজোঁটে।

আনহাতে ভোটদান কৰি মন্ত্ৰী গৰাকীৰ পত্নী তথা সমাজসেৱীকা ৰিণিকি ভৃঞা শৰ্মাই কয় যে জালুকবাৰী সমষ্টিত ১০০ শতাংশ জয়ী হ’ব। কাৰণ ড০ শৰ্মাই ২০০১ চনৰ পৰা ২০২১ চনলৈ বহুখিনি পৰিৱৰ্তন কৰিছে জালুকবাৰী সমষ্টিটোত। গতিকে সকলো ৰাইজ নিজেই ভোটদান কৰিবলৈ ওলাই আহিছে   দাদাক ভোট দিবলৈ। সকলোৱে ইয়াত হিমন্ত বিশ্বকে দেখা বুলিও কয় মন্ত্ৰী পত্নী গৰাকীয়ে। আনহাতে জালুকবাৰী মোৰ বাবে এটা পৰিয়াল বুলিও কয় ৰিণিকি ভৃঞা শৰ্মাই।

You might also like