নিয়মীয়া বাৰ্তা, ১মেঃ কংগ্ৰেছৰ হাত দালালৰ লগতহে, দৰিদ্ৰ-ৰ লগত নহয় : দিলীপ শইকীয়া। দেশত পুণৰ হব জাতিগত পিয়ল।অনাগত লোকপিয়লত এই সিদ্ধান্তক কাৰ্যকৰী কৰা হব।এয়া কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে।—-বিলাসীপাৰাৰ ৰাণীগঞ্জত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দ্যেশ্যৰে আয়োজন কৰা বিশাল সংকল্প সভাত অংশগ্ৰহণ কৰিবলৈ অহা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।
উল্লেখ্য যে,ৰাজ্যিক সভাপতি শইকীয়াই পুৱাৰ ভাগতে পৰ্বতঝোৰাৰ ঐতিহ্যমণ্ডিত পীঠস্থান ‘মা মহামায়া’ৰ চৰণত আশীষ লয়।ইয়াৰ পিছতে পোনে পোনে বিলাসীপাৰাৰ ৰাণীগঞ্জত উপস্থিত হয়।য’ত বিলাসীপাৰা জিলা সমিতিৰ সভাপতি দেবজিৎ বৰকলিতাৰ সভাপতিত্বত বিজেপি’ৰ সংকল্প সভা আয়োজন কৰা হয়।সভাৰ মুখ্য বক্তা হিচাপে শইকীয়াই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।
কংগ্ৰেছৰ হাত দৰিদ্ৰ জনতাৰ লগত বুলি ইমান দিনে কৈ আহিছে। প্ৰকৃততে কংগ্ৰেছৰ হাত দৰীদ্ৰৰ লগত নহয়। কংগ্ৰেছৰ হাত অনবৰতে দালালৰ, মধ্যভোগী, কমিছনখোৱা সকলৰ লগতহে আছে।ইয়াৰ প্ৰমাণো যথেষ্ট আছে।কংগ্ৰেছৰ দিনত যি কোনো আচনিৰ বাবে মধ্যভোগীক কমিছন দিব লগীীয়া হৈছিল।কংগ্ৰেছে শাসন কৰা নাছিল ,শোষন হে কৰিছিল।
মুলতঃ কংগ্ৰেছ মানে কৰাপশ্বন বুলি ৰাজ্যিক সভাপতিজনে ভাষণ প্ৰসংগত উল্লেখ কৰে।ইফালে বিজেপি দলক ভোট দিয়া মুছলমান মানুহক কাফেৰ বুলি কোৱা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰি তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।শইকীয়াই কয়,অখিল গগৈয়ে অসমৰ সাতামপুৰুষীয়া ঐক্যতাত বিভেদ আনিব খুজিছে।শইকীয়াই মঞ্চখনৰ পৰা এনে কাৰ্য বন্ধ কৰাৰ বাবে অখিল গগৈক সকিয়াই দিয়ে।
ভাষণৰ অন্তত বিলাসীপাৰা বিধান সভা সমষ্টিৰ বিজেপি দলে প্ৰক্ষেপ কৰা চাৰি জিলা পৰিষদৰ লগতে ১৯ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সকলক মঞ্চত মাতি নি ৰাইজৰ ওচৰত প্ৰণিপাত কৰাই ৰাইজৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ কৰোৱায়।সংকল্প সভাত উপস্থিত থকা সংখ্যালঘু ৰাইজকে ধৰি অন্যান্ন জাতি জনগোষ্টীৰ প্ৰায় ৭ সহস্ৰাধিক জনতাক সভাপতি গৰাকীয়ে হাত চাপৰি থেৰাপি আৰু অট্টহাঁহি থেৰাপি কৰোৱায় সভাথলী ত্যাগ কৰি বঙাইগাওঁলৈ ৰাওঁনা হয়।
সভাত অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ তথা বিজেপি’ৰ প্ৰাক্তন বিধায়ক ড°অশোক কুমাৰ সিংহী,কেএচি’ৰ মুখ্য পাৰিষদ জীবেশ ৰায়,পাৰিষদ সুধীৰ ৰায়,বিলাসীপাৰা জিলা বিজেপিৰ বিষয় ববীয়া অংশগ্ৰহণ কৰি উন্নয়ণৰ হকে বিজেপিৰ মনোনীত প্ৰাৰ্থীক নিজৰ ভোট দান কৰাৰ বাবে জনতাক আহ্বান জনাই ভাষণ প্ৰদান কৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা