নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেখন জিলা-থানাত কৰ্মৰত পুলিচ বিষয়াৰ ক্ষেত্ৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজ্যৰ একাংশ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত দুৰ্নীতিকে ধৰি বিভিন্ন অভিযোগ উঠি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আৰক্ষী বাহিনীত স্বচ্ছতা অনাৰ বাবে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। একেখন জিলাত, একেখন থানাত কৰ্মৰত পুলিচ বিষয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা দিয়া হৈছে। সেই অনুসৰি ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকক নিৰ্দিষ্ট পুলিচ থানাত তিনি বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা হোমগাৰ্ডৰ পৰা পৰিদৰ্শকসকলক বদলি কৰাৰ লগতে প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ বিগত ১০ বছৰৰ ৭ বছৰ একেখন জিলাতে কৰ্মৰত উপ-পৰিদৰ্শককে ধৰি উচ্চপদস্থ পুলিচ বিষয়াসকলৰ তালিকাও প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে নিৰ্দেশনাটোত উল্লেখ কৰে।

You might also like