নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱদামোদৰ সংঘৰ প্ৰতিষ্ঠা দিৱসত পাঠশালাত ফল-মূল বিতৰণ

নিয়মীয়া বাৰ্তা,  ৩ ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন জিলাৰ লগতে সংঘৰ বজালী জিলা সমিতিয়েও দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰে। পহিলা ছেপ্তেম্বৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে সংঘৰ বজালী জিলা সমিতিৰ সংঘাধিকাৰ প্ৰণীতা কাকতি, সংঘাধিকৰ্তা কিশোৰ গোস্বামী, মহিলা সংঘৰ কেন্দ্ৰীয় আহ্বায়িকা গীতিকা নাথ আৰু কেন্দ্ৰীয় উপ-সংঘাধিকাৰ ৰাজেন্দ্ৰজিৎ  কাকতিৰ নেতৃত্বত সংঘৰ এটি দলে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ এ পি জে আব্দুল কালাম ছাত্ৰাৱাসৰ ছাত্ৰসকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে কালি বজালীৰ বিশেষভাৱে সক্ষম শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান ‘তপোবন’ত উপস্থিত হৈ অনাথ আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে অসমৰ সত্ৰ সংস্কৃতিৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱ আৰু গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱ সম্পৰ্কে ভাবৰ আদান-প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। উক্ত কাৰ্যসূচীত সংঘক ক্ৰমে হৰগোবিন্দ কলিতা, মনোজ কলিতা, অমূল্য ঠাকুৰীয়া আৰু ‘তপোবন’ৰ কুমুদ কলিতাই আগবঢ়োৱা সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱস উপলক্ষে ১ ছেপ্তেম্বৰত সংঘৰ প্ৰতিখন জিলা আৰু আঞ্চলিক সমিতিয়ে নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰে বুলি সংঘৰ বজালী জিলা সমিতিৰ সংঘাধিকৰ্তা কিশোৰ গোস্বামীয়ে জানিবলৈ দিছে ৷

প্ৰেৰক কল্যাণ কলিতা

You might also like