নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত মাইক্ৰ’ফাইনেন্স উদগনিৰ সাহায্য বিতৰণ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আজি জনতা ভৱনত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে অসম মাইক্র ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ সমগ্ৰ দেশৰ ভিতৰতেই ঋণৰ ক্ষেত্ৰত সকাহ প্রদান কৰা প্ৰথম আঁচনি। অসমৰ বিভিন্ন মাইক্রফাইনেন্স সংস্থা তথা বেংকৰ পৰা ক্ষুদ্র ঋণ লোৱা আর্থিকভাৱে পিছপৰা লোকক সকাহ প্রদান কৰাৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছিল। ২০২১ চনৰ ৩‍১ মাৰ্চলৈকে যিসকল ব্যক্তিৰ একাউণ্ট NPA হৈ আছে তেওঁলোকক এই আঁচনিখনে তৃতীয় পৰ্যায়ৰ অধীনত সকাহ প্রদান কৰিব। ২৫ হাজাৰ টকালৈকে অনাদায় মূলধনৰ পৰিমাণৰ NPA একাউন্ট থকা ঋণীসকলক অগ্রাধিকাৰ প্ৰদান কৰা হ’ব। ইতিমধ্যে প্রথম পর্যায়ত ৮ লাখতকৈ অধিক ঋণীৰ দ্বাৰা প্ৰায় ১,৬০০ কোটি টকাৰ সকাহ প্রাপ্তি দিয়া হৈছে। সেইদৰে দ্বিতীয় পর্যায়ত ১ লাখতকৈ অধিক ঋণীৰ দ্বাৰা প্ৰায় ১৯০ কোটি টকাৰ সকাহ প্রাপ্তি দিয়া হৈছে। তৃতীয় পর্যায়ত ২৯১ কোটি টকা চৰকাৰী ৰাজসাহায্যৰ যোগেদি ২.২২ লাখ গৰাকী ঋণীয়ে ঋণদাতাৰ পৰা ‘No Dues Certificate’ লাভ কৰিব। আর্থিকভাৱে পিছপৰা মাইক্রফাইনেন্স ঋণীসকলৰ পৰা চৰকাৰে এক বৃহৎ পৰিমাণৰ আৰ্থিক বোজা আঁতৰাই পেলোৱাৰ ফলত তেওঁলোক পুনৰাই ঋণ ল’ব পৰাকৈ যোগ্য বিবেচিত হ’ব। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা।

You might also like