নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অৱসান ঘটিবনে ইউক্রেইন যুদ্ধৰ

ৰাষ্ট্রসংঘৰ মজিয়াত ইউক্রেইন যুদ্ধৰ বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ ডেৰ বছৰতকৈ অধিককাল ধৰি চলা এই যুদ্ধৰ বাবে আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াৰ আগ্রাসী মনোভাবকেই জগৰীয়া কৰিছে যদিও ৰাষ্ট্রসংঘৰ মজিয়াত সৰৱ হোৱা দেখা গ’ল ইৰানৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইছি৷ ইৰানৰ নেতাগৰাকীয়ে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত প্রকাশ্যে অভিযোগ কৰিলে যে এই যুদ্ধৰ বাবে জগৰীয়া আমেৰিকা আৰু ইউৰোপীয় দেশবোৰ৷ আমেৰিকাৰ প্রৰোচনাতে এই যুদ্ধ চলি থকা বুলি দাবী কৰিছে ৰাইছিয়ে৷ ৰাইছিৰ মতে, কেৱল অস্ত্রৰ ব্যৱসায়ৰ বাবে এই যুদ্ধত উচটনি দি আহিছে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে৷ বিশেষকৈ নাটোৰ সদস্য দেশসমূহৰ বৃহৎ অস্ত্রৰ ব্যৱসায় চলাই ৰাখিবলৈ এই যুদ্ধখন দীর্ঘস্থায়ী কৰা হৈছে বুলি দাবী কৰে ইৰানৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ ইয়াৰ সমান্তৰালভাৱে ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিয়ে ৰাষ্ট্রসংঘৰ ভূমিকাক লৈ সৰৱ হয় অধিৱেশনত৷ নেতাগৰাকীয়ে কয় যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ ভেটো প্রয়োগৰ অধিকাৰ থকা বাবেই বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে ৰক্তক্ষয়ী যুদ্ধ চলি থকা সত্ত্বেও কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ ৰাছিয়াৰ আগ্রাসী যুদ্ধত প্রতিৰোধ লগাবলৈ ৰাষ্ট্রসংঘই কোনো পদক্ষেপ গ্রহণ কৰিব পৰা নাই বুলি আক্ষেপ কৰি জেলেনস্কিয়ে শীঘ্রে সংস্থাটোৰ সংস্কাৰৰ দাবী জনাইছে৷ ৰাষ্ট্রসংঘৰ দৰে সংস্থা এটাই যদি অন্যায় যুদ্ধৰ অৱসান ঘটাবলৈ কোনো পদক্ষেপ গ্রহণ কৰিব নোৱাৰে, তেন্তে এনে সংস্থাৰ প্রয়োজন নাই বুলি দাবী কৰিছে ইউক্রেইনৰ শীর্ষ নেতাগৰাকীয়ে৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে ইৰানৰ ৰাষ্ট্রপতি বা ইউক্রেইনৰ শীর্ষ নেতাৰ বক্তব্য সন্দর্ভতো নীৰৱ ৰাষ্ট্রসংঘ৷ সংস্থাটোৰ তৰফৰ পৰা এনে অভিযোগবোৰ সত্ত্বেও কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ ইফালে ইউক্রেইন যুদ্ধক কেন্দ্র কৰি এতিয়া পৃথিৱীত দুই শিবিৰৰ সৃষ্টি হৈছে৷ যুদ্ধৰ বিৰোধিতা বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে কৰি আহিছে যদিও যুদ্ধৰ অৱসান ঘটাবলৈ কোনো দেশে প্রত্যক্ষভাৱে আগবাঢ়ি অহা নাই৷ বিভিন্ন দেশৰ ৰাছিয়া আৰু ইউক্রেইনৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক থকা বাবেই সেই দেশসমূহে ‘তথাকথিত’ নিৰপেক্ষ অৱস্থান গ্রহণ কৰিছে যদিও যুদ্ধৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই৷

ইউক্রেইন যুদ্ধৰ মাজতে বিশ্বত বিভিন্ন দেশৰ সম্পর্কই নতুন ৰূপ লাভ কৰিছে৷ বিশেষকৈ ইউক্রেইন যুদ্ধৰ সময়ত চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত সম্পর্ক অধিক সুদৃঢ় হৈছে৷ মাত্র কেইদিনমান পূর্বে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে সু–সজ্জিত বুলেটপ্রুফ ৰে’লেৰে গৈ ৰাছিয়াত উপস্থিত হৈছিল৷ দেশখনৰ ভ্লাডিভষ্টক চহৰৰ এটা মহাকাশ কেন্দ্রত পুটিনৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছিল কিম৷ লক্ষণীয়ভাৱে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াৰ বিজয় নিশ্চিত বুলি ঘোষণা কৰে উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে৷ আনকি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধক ‘সাম্রাজ্যবাদৰ বিৰুদ্ধে যুদ্ধ’ বুলি অভিহিত কৰে উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীয়ে৷ কিমৰ এই ভ্রমণক লৈ উদ্বেগ প্রকাশ কৰে আমেৰিকাই৷ আমেৰিকাৰ মতে, উত্তৰ কোৰিয়াৰ অস্ত্র এইবাৰ ৰাছিয়াই লাভ কৰিব পাৰে ইউক্রেইনত ব্যৱহাৰৰ বাবে৷ অর্থাৎ উত্তৰ কোৰিয়া আৰু ৰাছিয়াৰ মাজত প্রতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ হোৱা বুলি সন্দেহ কৰিছে হোৱাইট হাউছ প্রশাসনে৷ লক্ষণীয় দিশটো হৈছে দুয়োখন দেশে পুটিন আৰু কিমৰ আলোচনাৰ সবিশেষ সদৰী কৰা নাই৷ দুয়োগৰাকী নেতাৰ মাজত কিবা চুক্তি স্বাক্ষৰ হৈছে যদিও সেই সন্দর্ভতো কোনো কথা সংবাদ মাধ্যমক জনোৱা নাই৷ গতিকে কিমৰ উত্তৰ কোৰিয়া ভ্রমণে ৰহস্য অধিক ঘন কৰি পেলাইছে৷ আশংকা বৃদ্ধি কৰিছে আমেৰিকা আৰু ইউৰোপীয় সংঘত৷ আন্তর্জাতিক অৱৰোধ তথা নিষেধাজ্ঞা ভংগ কৰি উত্তৰ কোৰিয়াই ৰাছিয়াক অস্ত্র যোগান ধৰিব নেকি এই বিষয়টোক লৈ সৰৱ চর্চা চলিছে৷ পুটিনৰ উপৰি কিম জং–উনে ৰাছিয়া ভ্রমণৰ সময়ত ৰুছ প্রতিৰক্ষা মন্ত্রী ছেৰগেই ছৈগ’কে ধৰি কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হয়৷ কেইবালানিও আলোচনাত কিম মিলিত হৈছে যদিও উত্তৰ কোৰিয়া আৰু ৰাছিয়াই এই আলোচনাৰ সবিশেষ সদৰী কৰা নাই৷ ইয়াৰ মাজতে মস্কো প্রশাসনে ঘোষণা কৰিছে যে অক্টোবৰ মাহত ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে চীন ভ্রমণ কৰিব৷ চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পুটিন৷ ইফালে কিমৰ তৰফৰ পৰা উত্তৰ কোৰিয়া ভ্রমণৰ আমন্ত্রণ লাভ কৰিছে পুটিনে৷ গতিকে এই তিনিওখন দেশৰ ঘনিষ্ঠতাক লৈ এতিয়া ইউৰোপ আৰু আমেৰিকাত সৃষ্টি হৈছে নতুন আশংকা৷

You might also like