নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আজি এককালীন জলপানিৰ চেক বিতৰণ কৰে কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভাই। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু শৈক্ষিক উন্নয়ণ পুঁজিৰ পৰা প্ৰদান কৰা হয় চেকসমুহ। বকোস্থিত পৰ্য্যটন বাংলাত ৰাষ্ট্ৰীয় খেলুৱৈ আৰু উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰ্য্যায়ত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীক চেকসমুহ বিতৰণ কৰে বুলি জানিবলৈ দিয়ে কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভাই। পৰিষদীয় সমষ্টিৰ মনিটৰিং সমিতিৰ সম্পাদক বিচিত্ৰ ৰাভাই আত ধৰা অনুষ্ঠানত ২৮নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ এলেকাৰ তিনিগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈক নগদ বিশ হাজাৰ টকাৰ চেক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ ত্ৰিছগৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন জলপানিৰ চেক বিতৰণ কৰে সভাপতি আদিত্য ৰাভাই। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঊশ্বু খেলুৱৈ আৰু স্কুল অলিম্পিক খেলত ৰাষ্ট্ৰীয় খেলুৱৈক বিতৰণ কৰে চেক সমুহ। আজিৰ চেক বিতৰণী সভাত উপস্থিত থাকে পৰিষদীয় সমষ্টিৰ সম্পাদক গহিন বড়ো, মণিটৰিং সমিতিৰ সভাপতি দুলাল চন্দ্ৰ ৰাভা, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ৰাজনৈতিক কোষৰ সম্পাদক পৰেশ বড়ো, নিখিল ৰাভা মহিলা পৰিষদৰ বনগাঁও আঞ্চলিক সমিতিৰ সভানেত্ৰী মৰমী ৰাভাকে ধৰি বহুকেইজন বিষয়ববীয়া।
প্ৰেৰক বিষ্ণু ৰাম দাস