নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত নতুনকৈ অন্তর্ভুক্ত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ অন্তর্ভুক্ত হিতাধিকাৰীসকলৰ মাজত ২৪ জানুৱাৰীত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিছিল। মানকাচৰ বিধানসভা সমষ্টিত ১১৭০২খন নতুন ৰেচন কাৰ্ড ইতিমধ্যে বিভিন্ন সমবায় সমিতিৰ জৰিয়তে বিতৰণ কৰা পৰিলক্ষিত হৈছে। আজি মানকাচৰ সমবায় সমিতিৰ কালোঘাটস্থিত কাৰ্যালয়ত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াববীয়াৰ উপস্থিতিত কাকৰীপাৰা, মানকাচৰ পূব আৰু মানকাচৰ পশ্চিম, ঠাকুৰাণবাৰী, ঝগৰাচৰ আদি গাঁও পঞ্চায়তৰ কেইবাসহস্ৰ নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে। এই ক্ষেত্ৰত হিতাধিকাৰীসকল উপকৃত হোৱাৰ লগতে খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দেশত সামজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট সফলতা লাভ কৰিছে । জিলাখনৰ মানকাচৰ বিধানসভা সমষ্টিত ১১৭০২খন নতুন ৰেচন কার্ড বিতৰণ কৰাৰ বিপৰীতে সৰ্বমুঠ ৮০৮৪২গৰাকী হিতাধিকাৰীক সামৰি লৈছে মানকাচৰ বিধানসভা সমষ্টিত।

প্ৰেৰক ফাৰহাদ আহমেদ 

You might also like