নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জিলা আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰহলৌকান্দাত অব্যাহত থকা গৰাখহনীয়াৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এলেকাটো পৰিদৰ্শন কৰে। বৰহলৌকান্দাত ব্যাপক খহনীয়া অব্যাহত থকা স্বত্বেও চৰকাৰ-প্ৰশাসনৰ কোনো লোক অঞ্চলটোত উপস্থিত হৈ  অৱস্থাৰ বুজ লোৱা নাই বুলি প্ৰচাৰ হোৱা এটা বাতৰিৰ পিছতেই জিলা আয়ুক্তগৰাকীয়ে পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। আয়ুক্তগৰাকীয়ে প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোৰ লোকসকলক প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি পুনৰ আশ্বাস দিয়ে। তেওঁ অঞ্চলটোৰ ৰাইজক আশ্বাস দিয়ে যে যিহেতু উক্ত এলেকাটো এ ডি বি প্ৰকল্পৰ অধীনত সামৰি লোৱা হৈছে, সেয়েহে চিন্তাৰ কোনো কাৰণ নাই। অহা নৱেম্বৰ মাহৰ পৰাই জিঅ’ বেগৰ সহায়ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰা হ’ব বুলিও আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে জিলা প্ৰশাসন দুৰ্গত লোকসকলৰ সৈতে সদায় আছে আৰু যিকোনো পৰিস্থিতিতে প্ৰশাসনে তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াব। তেওঁ লেৰুৱামুখৰ পৰা মৈৰাবাৰীলৈকে মটৰ চাইকেলেৰে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰে আৰু স্থানীয় লোকসকলৰ অৱস্থাৰ বুজ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

প্ৰেৰক আবুল কালাম

You might also like