নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত অষ্টমবাৰলৈ চেম্পিয়ন ভাৰতীয় দল

🔹 মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙত দিশহাৰা শ্রীলংকা

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : মহম্মদ ছিৰাজৰ দুর্দান্ত বলিঙৰ সহায়ত এছিয়া কাপত বৃহৎ বিজয় সাব্যস্ত কৰিলে ভাৰতে৷ কলম্বোৰ প্রেমদাসা ষ্টেডিয়ামত শ্রীলংকাক ১০ উইকেটত পৰাভূত কৰি অষ্টমবাৰলৈ চেম্পিয়ন হয় ভাৰতীয় দলটো৷ বলৰ নিৰিখত ভাৰতৰ এয়া সর্বোচ্চ ব্যৱধানৰ বিজয়৷ ২৬৩টা বল বাকী থকা অৱস্থাতে মেচখনত জয়লাভ কৰে ভাৰতে৷ ইয়াৰ পূর্বে এই অভিলেখ আছিল ২০০১ চনত কেনিয়াৰ বিৰুদ্ধে৷ সেইবাৰ ২৩১টা বল বাকী থকা অৱস্থাতে বিজয়ী হৈছিল টীম ইণ্ডিয়া৷ কিন্তু আজি সেই ব্যৱধানকো অতিক্রম কৰে ৰোহিত বাহিনীয়ে৷ প্রকৃততে আজিৰ দিনটো আছিল মহম্মদ ছিৰাজৰ৷ সাত অভাৰ বলিং কৰি ২১ ৰানত ৬টা উইকেট দখল কৰে হায়দৰাবাদৰ পেচাৰগৰাকীয়ে৷ মুঠ ২১.৩ অভাৰতে মেচৰ ফলাফল নির্ণীত হয়৷ ইয়াৰ ভিতৰত ১৫.২ অভাৰত ৫০ ৰানতে ইনিংছ সামৰে শ্রীলংকাই৷ ৬.১ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয় ভাৰত৷ এছিয়া কাপ জয় কৰি বিশ্বকাপৰ পূর্বে আত্মবিশ্বাস বৃদ্ধি কৰিলে ভাৰতীয় দলটোৱে৷ ছিৰাজে ৬টা উইকেট দখল কৰাৰ বিপৰীতে হার্দিক পাণ্ডিয়াই তিনিটা আৰু যশপ্রীত বুমৰাহে এটা উইকেট লাভ কৰে৷ বিশ্বকাপৰ পূর্বে এনে প্রদর্শনে ভাৰতীয় বলাৰসকলৰ মনোবল বৃদ্ধি কৰিব৷ টছত জয়লাভ কৰি ভাৰতক বলিং কৰিবলৈ আমন্ত্রণ জনোৱা শ্রীলংকাৰ ৫গৰাকী বেটাৰ শূন্য ৰানতে আউট হয়৷ দলৰ হৈ কুশল মেণ্ডিছে সর্বাধিক ১৭ ৰান কৰে৷ সহজ লক্ষ্য সন্মুখত লৈ বেটিং কৰিবলৈ নমা ভাৰতৰ ঈশান কিশন আৰু শুভমন গিলে আগ্রাসী বেটিং কৰে৷ আজি ৰোহিত শর্মাই ঈশানক অ’পেনিং কৰিবলৈ পঠিয়ায়৷ তেওঁ ২৩ ৰানত অপৰাজিত থকাৰ বিপৰীতে শুভমনে কৰে ২৭ ৰান৷ আজি টছৰ পূর্বে পাতলীয়া বৰষুণ অহাত ৪০ মিনিট পলমকৈ খেল আৰম্ভ হয়৷ এয়াই শ্রীলংকাৰ বাবে কাল হয়৷ উইকেটে ছুইং কৰিবলৈ লয় আৰু ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰে ছিৰাজে৷ তেওঁ এক অভাৰত চাৰিটা উইকেট দখল কৰে৷ হেটট্রিকৰ পৰা বঞ্চিত হ’লেও একাধিক অভিলেখ গঢ়ে তেওঁ৷ অৱশ্যে ভাৰতৰ নিখুঁত বলিঙৰ বিপৰীতে শ্রীলংকাৰ বেটিং আছিল অতিশয় জঘন্য৷ দ্রুতভাৱে তিনিটা উইকেট হেৰুওৱাৰ পিছতো বেটাৰসকলৰ মানসিকতাৰ পৰিৱর্তন দেখা নগ’ল৷ যোৱা বছৰ এছিয়া কাপ জয় কৰি সমগ্র বিশ্বক স্তম্ভিত কৰিলেও আজি সমানেই হতাশ কৰিলে শ্রীলংকাই৷ উল্লেখ্য যে পাঁচ বছৰৰ পিছত কোনো প্রতিযোগিতাত ট্রফী জয় কৰিলে ভাৰতে৷ ২০১৮ চনত এছিয়া কাপৰ ফাইনেলত বাংলাদেশক হৰুৱাই দলটোৱে ট্রফী জয় কৰিছিল৷ ২০১৯ চনৰ বিশ্বকাপ আৰু ২০২২ চনত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাই বিদায় লৈছিল দলটোৱে৷ ২০২১ আৰু ২০২৩ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজিত হৈছিল ভাৰত৷ কেৱল দলৰে নহয়, প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ বাবেও এই ট্রফী জয় কৰাটো অতিশয় প্রয়োজনীয় আছিল৷

You might also like