নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ জিলা সংগ্ৰহালয়ত পৰাধীনতা অৱসানৰ স্মৃতি

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : দীৰ্ঘ ৭৭ বছৰে উত্তোলিত হোৱা নাই পতাকা এখন। ব্ৰিটিছৰ দিনত ধুবুৰীৰ তদানীন্তন ডেপুটি কালেক্টৰৰ চৰকাৰী গৃহত উত্তোলিত হৈছিল ইংলেণ্ডৰ সেই “ইউনিয়ন ফ্লেগ”খন। পৰাধীনতা অৱসানৰ এক স্মৃতিৰূপে বৰ্তমান পতাকাখন ৰখা হৈছে ধুবুৰীৰ জিলা সংগ্ৰহালয়ত। উল্লেখনীয় যে ব্ৰিটিছৰ যুগৰ “ডেপুটি কালেক্টৰ”ৰ চৰকাৰী গৃহ এতিয়া ধুবুৰীৰ জিলা আয়ুক্তৰ চৰকাৰী আৱাস গৃহ।  জানিব পৰা মতে, ধুবুৰী জিলাৰ প্ৰাক্তন উপায়ুক্ত হিমাংশু শেখৰ দাসে তেওঁৰ চৰকাৰী আৱাসগৃহত থকা ব্ৰিটিছৰ সেই “ইউনিয়ন ফ্লেগ”খন প্ৰদান কৰিছিল সংগ্ৰহালয়টোক।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like