নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত বিদ্যুৎ কৰ্মচাৰীক আক্ৰমণকাৰী চিকিৎসক আটক

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ ৰংজুলি থানা আৰু শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলাত কৰ্তব্যৰত বিদ্যুৎ বিভাগৰ কেইবাজনকৈ কৰ্মচাৰীক এটা দলে বেয়াকৈ মাৰধৰ কৰাৰ লগতে তেওঁলোকৰ পৰা নগদ ধন আৰু দুটাকৈ মোবাইল কাঢ়ি নিয়া ঘটনাত আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱানিশা ৰংজুলি আৰক্ষী আৰু গোৱালপাৰা সদৰ আৰক্ষীৰ তৎপৰতাত জিলা সদৰত নাটকীয়ভাৱে আটক হয় উক্ত কাণ্ডৰ মুল অভিযুক্ত ডা° জয়দীপ দাস। স্মৰ্তৱ্য যে ডাঃ দাস শিমলীতোলা কে এন মেধি ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া। আনহাতে এজাহাৰত নাম সন্নিবিষ্ট বাকী তিনিজনকৈ অভিযুক্তক আজিকোপতি পলাই থকাৰ সূত্ৰেই আটক কৰিব পৰা নাই আৰক্ষীয়ে। ডাঃ দাসক নিশাটো ৰংজুলি থানাত ৰাখি স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে উল্লেখ্য যে উত্তপ্ত ঘটনা সন্দৰ্ভত ধূপধৰা বিদ্যুৎ উপ-সংমণ্ডলৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰক্ষীত এক লিখিত এজাহাৰ দাখিলৰ পাছতেই তৎপৰতা বাঢ়িছিল আৰক্ষীৰ আৰু তাৰেই পৰিপ্ৰেক্ষিতত সাৰি নগ’ল স্বয়ং চৰকাৰী চিকিৎসকগৰাকীও। স্মৰ্তৱ্য যে যোৱা ১৮ ছেপ্টেম্বৰৰ নিশাৰ ভাগত সংঘটিত মাৰপিটৰ ফলত  বিদ্যুৎ বিভাগৰ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম আৰু ৰবিউল হুছেইন নামৰ লোক কেইজন আহত হৈছিল। ঘটনা সন্দৰ্ভত ক্ৰমে ৰফিকুল খান, ডাঃ জয়দীপ দাস, মৃদুল মেধি আৰু অমিতাভ মেধি নামৰ চাৰিজনৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰিছিল বিভাগটোৰ ধুপধৰা এছডিঅ’গৰাকীয়ে। উপৰিঞ্চি ভূক্তভোগীসকলেও পৃথকে পৃথকে এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। এজাহাৰৰ ভিত্তিত ডাঃ জয়দীপ দাসক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।মাৰপিট আৰু নিশা লুটপাতৰ অভিযোগত এগৰাকী চিকিৎসক আটক হোৱাৰ খৱৰে চাঞ্চল্য বিয়পাইছে অঞ্চলজুৰি।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস
You might also like