দীপাংকৰৰ জালত পৰি হাহাকাৰ নলবাৰীৰ চিকিৎসক-অধ্যাপক-ধনৱন্তৰ
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ৰাজ্যজুৰি আতংক সৃষ্টি কৰা নলবাৰীৰ ডি বি ষ্টক ব্ৰকিঙৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ বিনিয়োগ হঠাতে বন্ধ হৈ পৰাত নলবাৰীতো জিলাব্যাপী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য প্ৰায় ৭০০০ কোটি টকা আত্মসাৎ কৰি প্ৰতিষ্ঠানটোৰ মালিক দীপাংকৰ বৰ্মন আত্মগোপন কৰাৰ খবৰ বিয়পি পৰাত জিলাখনত হাহাকাৰ লাগিছে। জানিব পৰা মতে ডি বি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰ বৰ্মনে নলবাৰীৰ জাপাৰকুছিতো ডি বি ষ্টক ব্ৰকিং শাখা কাৰ্যালয় খুলি বিভিন্ন লোকৰ পৰা বিনিয়োগৰ নামত অধিক সুদ দিয়াৰ ছলেৰে বহু কোটি টকা জমা লৈছিল। লক্ষণীয়ভাবে হঠাতে উক্ত শাখা কাৰ্যালয়টোত তলা ওলমি পৰাত ধন বিনিয়োগ কৰা দুই শতাধিক পৰিয়ালত হাহাকাৰ লাগিছে। ধন বিনিয়োগ কৰা দুই-একোগৰাকী লোকে সদৰি কৰা মতে কেইবছৰমান আগলৈকে দীপাংকৰ বৰ্মন নলবাৰীৰ জাপাৰকুছিৰ বাসিন্দা আছিল যদিও পিছত তেওঁ গুৱাহাটীৰ বাসিন্দা হৈ পৰে। এক সূত্ৰে জানিব পৰা মতে নলবাৰীৰ বহু মধ্যবিত্ত পৰিয়ালে উক্ত ডি বি ষ্টক ব্ৰকিং শাখা কাৰ্যালয়টোত ধন জমা থোৱাৰ উপৰিও অধিক সুদ আদায় পোৱাৰ লোভত আন একাংশ ধনী পৰিয়ালৰ চিকিৎসক, অধ্যাপক পদবীৰ লোকেও লক্ষ লক্ষ বিনিয়োগ কৰিছিল। ৫০ হাজাৰৰ পৰা ১০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰে এচাম সুযোগ সন্ধানী বিনিয়োগকাৰীয়ে। অৱশ্যে এই কথা বহুতে গোপনে ৰাখিছিল। ধন বিনিয়োগ কাৰ্যালয় এতিয়া বন্ধ হৈ পৰাত বহু কথা পোহৰলৈ আহিছে। জানিব পৰা মতে নলবাৰী পৌৰসভা এলেকাৰ জাপাকুছিস্থিত ডি বি ষ্টক ব্ৰকিং শাখা তথা ধন বিনিয়োগ কাৰ্যালয়টো বন্ধ হৈ পৰাত এতিয়া চিন্তাত পৰিছে জিলাখনৰ চহৰৰ লগতে বিভিন্ন ঠাইৰ বহু ধন জমাকাৰী পৰিয়াল। যোৱা তিনি দিন ধৰি তলা বন্ধ কাৰ্যালয়টোৰ সন্মুখত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য, ২০১৯ চনত স্থাপন কৰা ডি বি ষ্টক ব্ৰকিঙত ধন বিনিয়োগ কৰা লোকক এমাহত শতকৰা ৭ শতাংশ, দুমাহত শতকৰা ১৪ শতাংশ, ৬ মাহত শতকৰা ৫৪ শতাংশ আৰু এবছৰত শতকৰা ১২০ শতাংশ ধন আদায় দিয়াৰ প্ৰলোভন দিছিল প্ৰতিষ্ঠানটোৱে। এনে প্ৰলোভনত প্ৰলোভিত হৈ নলবাৰীৰো বহু লোকে ডি বি ষ্টক ব্ৰকিঙত জমা থৈছিল ধন।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন