নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউন-কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি

বিশেষ বাৰ্তা, ৬ জুলাইঃ দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম পানীখাইতীস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত আজিৰ পৰা নতুনকৈ সংযোজন ঘটিল আন এক পাঠ্যক্ৰমৰ। আজিৰ পৰা বিশ্ববিদ্যালয়খনত আনুষ্ঠানিকভাবে আৰম্ভ হ’ল চাৰি বছৰীয়া কৃষি স্নাতক পাঠ্যক্ৰম। এই সম্পৰ্কে আজি যোৰহাট কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন চি তালুকদাৰ আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই স্বাক্ষৰ কৰি আনুষ্ঠানিক ৰূপ দিয়ে এই চুক্তিৰ। এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডা: এন এন দত্ত, প্ৰো – ভি চি প্ৰানবিৰ সিং, ডিন অব ষ্টাডিজ বন্দনা দত্ত উপস্থিত থাকে।

প্ৰেৰক বিভাষ দাস

You might also like