নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওপজা দিনত ড০ ভূপেন হাজৰিকাক সশ্রদ্ধ স্মৰণ সাহিত্য সভাৰ

সুধাকণ্ঠৰ আদর্শৰে নৱপ্রজন্মক উদ্বুদ্ধ হোৱাৰ আহ্বান মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ অসমৰ জনজীৱনৰ হিয়াৰ আমঠু, চিৰসেউজ গীতেৰে জনতাক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বুধবাৰে ৯৫ সংখ্যক জন্মবার্ষিকী অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত ভগৱতী প্রসাদ বৰুৱা ভৱনত ক’ভিড বিধি মানি উদ্যাপন কৰা হয়৷ পুৱা ১০ বজাত ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি জনায় সভাৰ সভাপতি, বিশিষ্ট গল্পকাৰ কুলধৰ শইকীয়া, উপ–সভাপতি মৃণালিনী দেৱী প্রমুখ্যে সভাত উপস্থিত বিষয়ববীয়াসকলে৷ স্মৃতিচাৰণ সভাত সভাপতি কুলধৰ শইকীয়াই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাক শ্রদ্ধাৰে সোঁৱৰে৷ তেওঁ সুধাকণ্ঠৰ জন্ম দিনটোত মহান শিল্পীগৰাকীৰ সান্নিধ্যৰ বিষয়ে ৰোমন্থন কৰাৰ লগতে গুণৰাজি আলোকপাত কৰে৷ উপ–সভাপতি মৃণালিণী দেৱীয়েও শিল্পীগৰাকীৰ আদর্শৰে নতুন প্রজন্মক উদ্বুদ্ধ হ’বলৈ আহ্বান জনায়৷

অসম সাহিত্য সভাৰ মুখপত্র তথা দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শর্মাই বিশ্ববিশ্রুত শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ তেওঁ পঢ়া–শুনা কৰা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ লগতে দিল্লী বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ ঢ়াকা বিশ্ববিদ্যালয়ত একোখনকৈ পূর্ণাংগ প্রাধ্যাপকৰ আসন স্থাপন কৰে৷

২০২৬ চনত পালন কৰিবলগীয়া শতবর্ষীয় বর্ষটোত সম্পূর্ণ কৰিব পৰাকৈ শিল্পীগৰাকীৰ বহু অলিখিত কাহিনী, ফটোগ্রাফ, বোলছবি আদিৰ ডিজিটেল সংৰক্ষণ, কলকাতাস্থিত বাসগৃহৰ সংৰক্ষণ আদি কৰি ভালেকেইটা ভৱিষ্যৎ কার্যপন্থাৰ প্রস্তাৱ আগবঢ়ায়৷ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র তিৰোভাৱ তিথিত গুৰুজনাক শ্রদ্ধাৰে সোঁৱৰণ কৰি তেওঁ কয় যে বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আছিল এগৰাকী প্রকৃত বৈষ্ণৱ৷ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ থাকোঁতে তেওঁৰ আপ্রাণ চেষ্টাত সত্রীয়া নৃত্যই শাস্ত্রীয় সংগীতৰ মর্যাদা লাভ কৰে৷ অনুষ্ঠানত কেইবাটাও গীত পৰিৱেশন কৰে কণ্ঠশিল্পী তৃষ্ণা দেৱী, কৃতিকা শাভিল্য আৰু মলয়া ভৰালীয়ে৷ অসম সাহিত্য সভাৰ সাংস্কৃতিক বিভাগৰ কার্যকৰী সভাপতি দেৱেন বসুমতাৰী, ৰামধেনু উপ–সমিতিৰ আহ্বায়ক মাণিক আহমেদ, কার্যনির্বাহক বিষ্ণু ডেকা, প্রকাশন আহ্বায়ক দেৱজিৎ বৰা, উদ্যোগপতি তথা হেমপ্রভা দেৱী প্রমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্রহণ কৰে৷ শলাগৰ শৰাই জ্ঞাপন কৰে সচিব চন্দন শর্মাই৷

You might also like