নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ নামঘৰ মন্দিৰত ভাদমহীয়া শৰাই ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ ভাদ মাহত অসমৰ সকলো নামঘৰ, মন্দিৰত অহৰহ চলি আছে নাম–প্রসংগ৷ পবিত্র ভাদ মাহত বিধায়ক নির্বাচিত হোৱাৰ দিন ধৰি প্রতি বছৰে সমষ্টিৰ ৰাইজৰ আশিস গ্রহণৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নামঘৰ, মন্দিৰত আগবঢ়ায় ভাদমহীয়া শৰাই৷ এইবাৰো তাৰ ব্যতিক্রম কৰা নাই মুখ্যমন্ত্রী ড০ শর্মাই৷

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি  মুখ্যমন্ত্রী ড০ শর্মাই জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শুৱালকুছি মণ্ডলৰ অন্তর্গত সকলো নামঘৰ আৰু মন্দিৰত স্থানীয় আয়তীসকলৰ হাতত ভাদমহীয়া শৰাই হিচাপে বুট, মুগ আৰু চাহৰ বাবদ নগদ ধন আগবঢ়াই ৰাইজ আৰু ৰাজ্যৰ মংগলৰ বাবে নামঘৰ, মন্দিৰত নাম–প্রসংগ, ভাগৱত পাঠ কৰিবলৈ আহ্বান জনায়৷

মুখ্যমন্ত্রী ড০ শর্মাই জালুকবাৰী সমষ্টিৰ দলীয় কর্মীসকলক নিজ নিজ অঞ্চলৰ প্রতিটো নামঘৰ আৰু মন্দিৰত ভাদমহীয়া শৰাই হিচাপে সামগ্রীৰ লগতে ধনখিনি প্রদান কৰাৰ নির্দেশ দিয়ে দলীয় কর্মীসকলক৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশৰ পিছত তেওঁৰ ব্যক্তিগত সহায়ক ৰণজিৎ ভট্টাচার্য আৰু প্রাণজিৎ ডেকাৰ লগতে দলীয় কর্মীসকলে বেজেৰা আৰু শুৱালকুছি মণ্ডলৰ অন্তর্গত সকলো নামঘৰ, মন্দিৰত আয়তীসকলৰ হাতত অর্পণ কৰে শৰাইৰ সামগ্রী আৰু ধন৷

You might also like