নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক প্রতিহত কৰাৰ বাবেহে উপ–নির্বাচনত আমি ঐক্যবদ্ধ হ’ব বিচাৰোঁ

-সাক্ষাৎগ্রহণ: উৎপল চক্রৱর্তী

 ৰাজ্যৰ ৬টাকৈ বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া আসন্ন উপ–নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে৷ অসম জাতীয় পৰিষদে উপ–নির্বাচনৰ বাবে কেনেধৰণৰ তৎপৰতা আৰম্ভ কৰিছে?
ঃ আসন্ন উপ–নির্বাচনত বিজেপিক প্রতিহত কৰিবলৈ আমাৰ দলে প্রথমতে এটা সমষ্টিত বিৰোধী দলৰ এজন প্রার্থী দিয়াৰ পোষকতা কৰে৷ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে এই সম্পর্কত যোগাত্মক যোগাযোগ হৈছে৷ যোৱা বিধানসভা নির্বাচনৰ ফলাফল অনুসৰি, বিজেপিৰ দৰে শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে বিৰোধী ঐক্যবদ্ধ হৈ যুঁজিব লাগিব৷ সেই দিশলৈ চাই আসন্ন উপ–নির্বাচনত বিৰোধী শিবিৰৰ উমৈহতীয়া প্রার্থীয়ে সুযোগ পাব আৰু তেতিয়াহে বিজেপিৰ বিৰুদ্ধে যুঁজাৰ ৰাজনৈতিক পৰিৱেশ আহিব৷ বিৰোধীৰ ভোট বিভাজন ৰোধ হ’লেহে যোগাত্মক ফলাফল আশা কৰিব পাৰি৷ আমি সেই দিশেৰে অগ্রসৰ হৈছোঁ৷

আপুনি ইতিমধ্যে উপ–নির্বাচনত কোনো দলৰ সৈতে অসম জাতীয় পৰিষদে মিত্রতা নকৰে বুলি কৈছে৷ অথচ আপুনি একে সময়তে কৈ আহিছে বিজেপিক প্রতিহত কৰাৰ বাবে বিৰোধীয়ে প্রতিটো সমষ্টিতে উমৈহতীয়া প্রার্থী দিব লাগে৷ মিত্রতা অবিহনে এয়া সম্ভৱ জানো?
ঃ নিশ্চিতভাৱে সম্ভৱ হ’ব পাৰে৷ মিত্রতা যিয়ে কৰে, তেওঁলোকৰ কমন মিনিমাম প্রগ্রেম থাকে৷ সেই অনুসৰি তেওঁলোক আগবাঢ়িব৷ আমি যিহেতু জন্মলগ্ণৰে পৰা জাতীয়তাবাদী আদর্শৰে আগবাঢ়ি অহাৰ লগতে ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰ বিৰুদ্ধাচৰণ কৰি আহিছোঁ, সেয়ে মিত্রতাৰ
ক্ষেত্রত কিছু অসুবিধা আছে৷ আদর্শত আমি আপোচ কৰিব বিচৰা নাই৷ কিন্তু আমাৰ প্রধান শত্রু হৈছে বিজেপি৷ বিজেপিক চাপত ৰখাৰ বাবেই আমি আসন্ন উপ–নির্বাচনত প্রতিটো সমষ্টিতে বিৰোধীৰ এজনকৈ উমৈহতীয়া প্রার্থী বিচাৰিছোঁ৷ সেই
দিশৰ পৰা সকলো বিৰোধীৰ মূল শত্রু বিজেপিক প্রতিহত কৰাৰ বাবে আসন্ন উপ–নির্বাচনত উমৈহতীয়া এজনকৈ প্রার্থী প্রতিটো সমষ্টিতে থিয় কৰাব বুলি আশাবাদী৷ একে সময়তে আমি নিজৰ আদর্শত অটল আছোঁ বাবে মহাজোঁটত অংশগ্রহণ কৰা বা মিত্রতাৰ কথা ভবা নাই৷ এই প্রসংগ এতিয়াও নাহে আৰু ভৱিষ্যতৰ দিনতো নাহে৷

আপোনাৰ মতে বিৰোধীৰ কোন দলে কোনটো সমষ্টি কাক এৰি দি আসন্ন উপ–নির্বাচনত উমৈহতীয়া প্রার্থী দিয়া উচিত? আৰু ইয়াৰ ভিত্তি কি হ’ব?
ঃ ইয়াৰ বাবে দলসমূহৰ মাজত আলোচনা–বিলোচনাৰ প্রয়োজন আছে৷ প্রতিটো সমষ্টিৰ জনগাঁথনিৰ লগতে প্রতিটো দলৰ সম্ভাব্য প্রার্থীগৰাকীৰ জনপ্রিয়তা, শক্তি, ব্যক্তিত্ব, সাংগঠনিক শক্তি, জাতীয় আৱেগ আৰু জাতীয়তাবোধ আদি বিষয়ৰ ওপৰত বিশ্লেষণ কৰিহে প্রার্থী বাছনি কৰিব লাগিব৷ এই বিষয়ত সকলোৰে সহমত হ’ব বুলি আমি আশাবাদী৷ আমি ইতিমধ্যে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছক আসন্ন উপ–নির্বাচনত বিৰোধীৰ উমৈহতীয়া প্রার্থী দিয়াৰ প্রস্তাৱ আগবঢ়াইছোঁ৷ বিৰোধীৰ আনবোৰ ৰাজনৈতিক দলকো ৰাজহুৱাভাৱে সেই আহ্বান জনাইছোঁ৷

যোৱা বিধানসভা নির্বাচনত আপোনালোকে বিজেপিৰ লগতে কংগ্রেছৰ পৰা সমদূৰত্ব ৰাখি নির্বাচনত অৱতীর্ণ হৈছিল৷ এইবাৰ উপ–নির্বাচনত আপোনালোকে কংগ্রেছৰ কান্ধত ধৰি নির্বাচনত অৱতীর্ণ হ’ব বিচৰাৰ কাৰণ কি?
ঃ আমি কংগ্রেছৰ কান্ধত ধৰি নির্বাচনত অৱতীর্ণ হ’ব বিচৰা নাই৷ এতিয়া আমি যি স্থিতি লৈছোঁ, সেয়া সময়ৰ আহ্বান৷ এই মুহূর্তত অসমৰ ৰাজনৈতিক প্রেক্ষাপট চাই প্রায়োগিক সিদ্ধান্ত ল’ব বিচাৰিছোঁ৷ পূর্বতেই কৈছোঁ– আমি মহাজোঁটলৈ যোৱাৰ কথা নাই৷ মিত্রতাৰ কথাও কোৱা নাই৷ প্রধান শত্রু বিজেপিক উপ–নির্বাচনত প্রতিহত কৰাৰ বাবেহে আমি ঐক্যবদ্ধ হ’ব বিচাৰোঁ৷ জনগণৰ মাজত আশাবাদী ৰাজনৈতিক পৰিৱেশ গঢ়াৰ বাবে এয়া সময়োচিত পদক্ষেপ হওক৷ সেই দৃষ্টিৰে আগবাঢ়িছোঁ৷

আপোনাৰ সমগ্র ৰাজনৈতিক জীৱন পৰিক্রমা কংগ্রেছৰ বিৰুদ্ধাচৰণেৰে চলি আহিছে৷ কংগ্রেছক আজন্ম শত্রু হিচাপে গণ্য কৰা আছুৰ মঞ্চৰ পৰা আহি আপুনি অসম জাতীয় পৰিষদত যোগ দি দলটোৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰে৷ আছুৰ মঞ্চৰ পৰা আহি হঠাৎ আপুনি আজন্ম শত্রু কংগ্রেছৰ প্রতি সম্প্রতি যথেষ্ট নৰম হৈ পৰিছে৷ আপোনাৰ এই আদর্শগত পৰিৱর্তন কিয়?
ঃ আমাৰ আদর্শত কোনো পৰিৱর্তন হোৱা নাই৷ ৰাষ্ট্রৰ ৰাজনৈতিক আদর্শৰ সৈতে আমাৰ ৰাজনৈতিক আদর্শৰ পার্থক্য আছে৷ বিজেপি আৰু এআইইউডিএফ দুয়োটা সাম্প্রদায়িক দলকে আমি সমদৃষ্টিৰে চাওঁ৷ বিজেপিয়ে বিগত দিনত কৰা কাম–কাজে অসমৰ ভৱিষ্যৎ ধ্বংসৰ ষড়যন্ত্র যে কৰি আছে, সেয়া প্রতীয়মাণ হৈছে৷ ‘কা’ জাপি দি জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্র কৰাৰ লগতে ৰাজহুৱা সম্পত্তি বিক্রী, সাম্প্রদায়িক পৰিস্থিতিৰ সৃষ্টিৰ লগতে গণতন্ত্রকো সংকটাপন্ন কৰিছে৷ বিধানসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো বিধায়ক কিনা–বেচা কৰি গণতন্ত্রক সংকটত পেলাইছে৷ আমাৰ আদর্শ, চিন্তা, দৃষ্টিভংগী পূর্বৰ দৰে একেই আছে৷ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপট আৰু সময়ৰ প্রতি শ্রদ্ধা জনাই আমি বর্তমানৰ সিদ্ধান্ত লৈছোঁ৷ বিজেপিক প্রতিহত কৰিবলৈ ইয়াতকৈ বিকল্প সিদ্ধান্ত নাই৷ এটা সময়ত বিজেপি দলেও শত্রুৰ বিৰুদ্ধে যুঁজিবলৈ সকলো বিৰোধীক একলগ কৰিছিল৷

যোৱা বিধানসভা নির্বাচনৰ সময়ত আপোনালোকৰ অন্যতম নির্বাচনী ইছ্যু আছিল ‘কা’ বাতিল৷ কিন্তু নির্বাচনী ফলাফলত দেখা গ’ল ‘কা’ই নির্বাচনত কোনো প্রভাৱেই নেপেলালে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ ১০০ শতাংশ ‘কা’ক কেন্দ্র কৰি বিধানসভা নির্বাচন হোৱা নাই৷ ‘কা’বিৰোধী স্থিতি অসমৰ মানুহৰ মাজত এতিয়াও আছে৷ অসমৰ ৰাইজে বিদেশীৰ বোজা আৰু নতুনকৈ নলয়৷ ইতিমধ্যে ১৯৭১লৈকে অসমে বিদেশীৰ বোজা লৈছে৷ আচলতে যোৱা বিধানসভা নির্বাচনত মাইক্র’ফাইনেঞ্চ ইছ্যুটোৱে ভোট চেঞ্জাৰ হিচাপে ক্রিয়া কৰিলে৷ ৰাজ্যখনৰ ২৬ লাখ মহিলাই যিহেতু মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱা, সেয়ে বিষয়টো বিত্তীয় বিষয় হৈ থকা নাই, সামাজিক বিষয় হৈ পৰিছে৷ তদুপৰি অৰুণোদয়ত হিতাধিকাৰীক মাহে ৮৩০ টকাৰ পৰা ৩,০০০ টকা প্রদানৰ প্রতিশ্রুতি, নিবনুৱা যুৱক–যুৱতীক ৫০ হাজাৰ টকাপর্যন্ত প্রদান কৰা, ছাত্রসকলক বুলেট দিয়া আদিৰ প্রতিশ্রুতিয়ে যথেষ্ট প্রভাৱ পেলালে৷ ক’ৰোনাৰ পিছত ৰাজ্যৰ অর্থনীতি জর্জৰিত হৈ পৰিছিল৷ সেয়ে মানুহ মাইক্র’ফাইনেঞ্চত ঋণ ৰেহাই, অৰুণোদয়ত ধনৰ পৰিমাণ বৃদ্ধি, ছাত্রক বুলেট দিয়া আদি চিন্তাৰ লগতে জড়িত হৈ পৰে৷ ‘কা’ক লৈ মানুহৰ খং, ক্ষোভ বিৰোধ আছে৷ কিন্তু একে সময়তে মানুহৰ মৌলিক প্রয়োজনীয়তাৰ স্বার্থত বিজেপিক ভোটদান কৰিলে৷

আসন্ন উপ–নির্বাচনত আপুনি প্রতিদ্বন্দ্বিতা কৰাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলি আছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ বিৰোধীৰ আন আন দলৰ পৰা উত্তৰ, স্থিতি স্পষ্ট হোৱাৰ পিছত আলোচনা–বিলোচনাৰ জৰিয়তে আমাৰ দলে সিদ্ধান্ত গ্রহণ কৰিব৷ মই যোৱা বিধানসভা নির্বাচনত দুটা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ৷ ৰাইজে আমাৰ পক্ষত ভোট দিয়া নাই৷ ৰাইজৰ ৰায়ক আমি সন্মান জনাইছোঁ৷ নির্বাচনত জয়ী নহ’লেও পৰৱর্তী দিনত আমি ৰাইজৰ মাজত থাকি সেৱা আগবঢ়াই যাম৷

ৰাজ্যত এইবাৰ বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ বাবে বিৰোধী দল কংগ্রেছ, এআইইউডিএফৰ বিভিন্নজনে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকেই জগৰীয়া কৰি আহিছে৷ আপোনালোকৰ বাবে ‘কা’বিৰোধী শক্তিৰ ভোট বিভাজন হোৱাৰ বাবে বিজেপিৰ লাভৱান্বিত হোৱা বুলি কৈছে৷ এই বিষয়ত আপুনি কি কয়?
ঃ সেয়া সত্য বুলি নাভাবোঁ৷ বিফল হ’লে নিজৰ দুর্বলতা থকাৰ বাবে বেলেগক দোষ দিয়াটো কিছুমান মানুহৰ স্বভাৱ৷ আপোচবিহীন, স্বাভিমানী, নির্ভেজাল জাতীয়তাবাদ গঢ়াৰ বাবে আমাৰ দলটো গঠন হৈছে৷ নির্বাচনত আমি পৰাজিত হ’লেও ২৪টা সমষ্টিত ১০ হাজাৰৰো অধিক ভোট আৰু দহটা সমষ্টিত ২২ হাজাৰৰ পৰা ৫৬ হাজাৰ ভোট লাভ কৰিছোঁ৷ আমি ভাবোঁ– অসমত এতিয়াও জাতীয়তাবাদৰ প্রাসংগিকতা আছে৷ ইয়াৰ বিকল্প নাই৷ মহাৰাষ্ট্র, ওড়িশা, পশ্চিমবংগ, বিহাৰ কিছুদিন আগলৈকে উত্তৰ প্রদেশতো আঞ্চলিকতাবাদৰ প্রাসংগিকতা আছিল৷ আঞ্চলিক বৈষম্য থাকিলে ৰাইজৰ জাতীয়তাবাদৰ প্রতি আশা থাকিব৷ আমি আশাবাদী– অহা ৫ বছৰত জনতাৰ প্রান্তে প্রান্তে জাতীয়তাবাদ লৈ যাব পাৰিম৷ এইক্ষেত্রত ৰাইজে আমাক সহযোগিতা আগবঢ়াব৷

You might also like