নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়ালৈ শান্তি স্বৰূপ ভাটনাগৰ বঁটা

ভাৰতীয় বিজ্ঞানৰ সর্বোচ্চ সন্মান

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ ভাৰতীয় বিজ্ঞান–প্রযুক্তি বিদ্যাৰ সর্বোচ্চ সন্মানৰ বাবে মনোনীত হৈছে আৰু এজন অসম সন্তান৷ বিশিষ্ট বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়ালৈ চলিত বর্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা আগবঢ়োৱা হৈছে৷ ‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্রহ–গতি বিজ্ঞান’ শাখাত ড০ শইকীয়াই লাভ কৰিছে এই সন্মানীয় স্বীকৃতি৷ ড০ শইকীয়া সম্প্রতি কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই আৰ)ৰ যোৰহাটস্থিত শাখা উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তি বিদ্যা প্রতিষ্ঠান (এন ই আই এছ টি)ৰ বিজ্ঞানী হিচাপে কর্মৰত৷ ৰসায়ন বিজ্ঞানৰ পি এইচ ডি ডিগ্রীধাৰী ড০ শইকীয়াই কেইবাখনো বহুমূলীয়া গ্রন্থ ৰচনাৰে বিজ্ঞান জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে৷ তদুপৰি তেওঁৰ ৬৫খনতকৈ অধিক গৱেষণা–পত্র ইতিমধ্যে প্রকাশ পাইছে৷ নিজৰ গৱেষণা আৰু কর্মৰ বাবে ড০ শইকীয়াই ইতিপূর্বে লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য বঁটা আৰু ফেল’শ্বিপ৷ তাৰ ভিতৰত ২০১৫–১৬ বর্ষত ড০ আৰ পি ভাটনাগৰ বঁটা, ২০১৫ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মিনাৰেল ইঞ্জিনীয়ার্ছে আগবঢ়োৱা আই আই এম ই ক’ল বেনিফিকেচন বঁটা, ২০১৪ চনত মিনাৰেল ইঞ্জিনীয়াৰিং ছায়েন্স এছ’চিয়েচন অৱ ইণ্ডিয়া বঁটা, ২০১৫ চনত ৰাজীৱ গান্ধী উৎকর্ষতা বঁটাৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷

উল্লেখ্য যে বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদে ১৯৫৮ চনৰ পৰাই ভাৰতীয় বিজ্ঞান–প্রযুক্তি বিদ্যাৰ সর্বোচ্চ সন্মান ৰূপে চিহ্ণিত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্রদান কৰি আহিছে৷ প্রধানতঃ ৭টা শাখা ক্রমে জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্রহ–গতি বিজ্ঞান, অভিযান্ত্রিক বিজ্ঞান, গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু পদার্থ বিজ্ঞানত এই বঁটা প্রদান কৰা হয়৷ ড০ শইকীয়া শান্তি স্বৰূপ ভাটনাগৰ লাভ কৰা পঞ্চমজন অসমীয়া৷ ড০ শইকীয়াৰ পূর্বে ১৯৮৯ চনত ৰসায়ন বিজ্ঞান শাখাত প্রথমবাৰলৈ অসমীয়া বিজ্ঞানী হিচাপে ড০ মিহিৰকান্তি চৌধুৰীয়ে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল৷ তাৰ পাছত ‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্রহ–গতি বিজ্ঞান’ শাখাত ১৯৯৪ চনত ড০ জিতেন্দ্র নাথ গোস্বামী, ১৯৯৫ চনত ড০ ভূপেন্দ্র নাথ গোস্বামী আৰু ২০০১ চনত প্রশান্ত গোস্বামীয়ে এই বঁটা লাভ কৰে৷ দীর্ঘবিৰতিৰ অন্তত ড০ শইকীয়াই শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰাৰ খবৰে স্বাভাৱিকতে অসমবাসীক গৌৰৱান্বিত কৰিছে৷ ড০ শইকীয়াক প্রদান কৰা এই স্বীকৃতিয়ে বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রখনত অধ্যয়ন–গৱেষণাৰ প্রতি অসমৰ নতুন প্রজন্মক উৎসাহিত কৰিব বুলি ক’ব পাৰি৷
ড০ শইকীয়াক বিভিন্নজনৰ অভিনন্দন
আজি শান্তি স্বৰূপ ভাটনাগৰ বঁটা ঘোষণাৰ পাছতে ড০ বিনয় কুমাৰ শইকীয়াক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে গোলাঘাট জিলাৰ জোনাকী নগৰৰ বীৰেন শইকীয়া আৰু বকুলী শইকীয়াৰ পুত্র ড০ বিনয় কুমাৰ শইকীয়াৰ জন্ম হৈছিল ১৯৭৭ চনত৷ সৰুপথাৰত প্রাথমিক শিক্ষা গ্রহণৰ পিছত স্থানীয় ডনবস্ক’ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত অধ্যয়ন কৰে৷ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ড০ বিনয় কুমাৰ শইকীয়াই যোৰহাটস্থিত উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তি বিদ্যা প্রতিষ্ঠানত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰে৷ ড০ বিনয় কুমাৰ শইকীয়া সম্প্রতি যোৰহাটৰ বাসিন্দা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কিছুদিনৰ ভিতৰত অনুষ্ঠিতব্য এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে তেওঁক শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্রদান কৰিব বুলি জানিব পৰা গৈছে৷

You might also like