নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াক স্তব্ধ কৰি অন্তিম এদিনীয়াত চমকপ্রদ জয় ভাৰতৰ

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অন্তিম এদিনীয়াত ৰোমাঞ্চকৰ জয়ৰ সোৱাদ লাভ কৰিছে ভাৰতীয় মহিলা দলটোৱে৷ আজি অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ মেচখনত মিতালী ৰাজ নেতৃত্বাধীন দলটোৱে ঘৰুৱা দল অষ্ট্রেলিয়াক ২ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ২৬৫ ৰানৰ প্রত্যাহ্বানজনক লক্ষ্যৰ পিছ লৈ ভাৰতে ৮ উইকেটৰ বিনিময়ত তিনিটা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়৷ দলটোৰ হৈ নৱাগত খেলুৱৈ য়াষ্টিকা ভাটিয়াই সর্বাধিক ৬৪, শেফালি বার্মাই ৬৫, দীপ্তি শর্মাই ৩১, স্নেহ ৰাণাই ৩০ আৰু স্মৃতি মান্ধানাই ২২ ৰানৰ অৰিহণা আগবঢ়ায়৷ প্রথম উইকেটত শেফালি আৰু মান্ধানাই ৫৯ ৰান যোগ দি ভাৰতৰ জয়ৰ ভেটি গঢ়ে৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াই নির্ধাৰিত ৫০ অ’ভাৰত ৯ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ এছলে গার্ডনাৰে ৬৭ আৰু বেথ মুনীয়ে ৫২ ৰান কৰে৷ ভাৰতৰ হৈ ঝুলন গোস্বামী আৰু পূজা ভাষ্ট্রাকাৰে তিনিটা, স্নেহ ৰানাই এটা উইকেট পায়৷ উল্লেখ্য যে অষ্ট্রেলিয়াই ২–১ৰ ব্যৱধানত শৃংখলাটো দখল কৰে যদিও ভাৰতে আজি চমকপ্রদ জয়েৰে ঘৰুৱা দলটোৰ ২৬খন মেচৰ অপৰাজয়ৰ ধাৰা ভংগ কৰিবলৈ সক্ষম হয়৷

You might also like